Breaking

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী

0 16

আৰ্তজনৰ কাষত আমাৰ মুখ্যমন্ত্ৰী

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ঐতিহাসিক সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনি ধৰী গাঁৱত উপস্থিত হয়, য’ত মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা অহা এটা ধাৰাই মাজুলী ৰাজহ চক্ৰৰ এটা মথাউৰি ভাঙি ব্যাপক বানপানীৰ সৃষ্টি কৰি জীৱন আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে।

মাননীয় মুখ্যমন্ত্ৰী দেৱে পৰিস্থিতিৰ বুজ লয় আৰু ফলপ্ৰসূ বান নিয়ন্ত্ৰণৰ বাবে জিঅ’ বেগ ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী দেৱে ব্যক্ত কৰে যে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে আই আই টি-জিৰ পৰা নিৰ্দেশনা বিচৰা হ’ব আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্তসকলক তৎকালীন সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে।

Leave A Reply