Breaking

আমাৰ শক্তি হৈছে ধৈৰ্য্যঃ মৰমৰ চুলিকোছা খুৰাই পেলালে হিনাই! স্তন কেন্সাৰৰ সৈতে যুঁজি আছে হিনা খান…

0 21

বৰ্তমান হিনা খান জীৱনৰ এক কঠিন পৰ্যায়ৰ সন্মুখীন হৈছে। কিন্তু সকলোৱে যেন তেওঁৰ সাহস দিছে। স্তন কেন্সাৰৰ সৈতে যুঁজি আছে হিনা খান। অভিনেত্ৰীগৰাকীৰ স্তন কেন্সাৰ ধৰা পৰাৰ লগে লগে চিকিৎসা অব্যাহত আছে। কিন্তু এই চিকিৎসাৰ সময়তো তেওঁ বহুত কষ্টৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। কেমোথেৰাপিৰ বাবে হিনা খানৰ চুলি ধাৰাবাহিকভাৱে সৰি আছে। যদিও ইতিমধ্যে দীঘল চুলিখিনি চুটিকৈ কাটি পেলাইছিল। কিন্তু অৱশেষত একেবাৰে চুলি খোৰাই দিলে হিনাই।

হিনা খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰিছে, ভিডিঅ’টোত হিনাই তেওঁৰ সৰি পৰা চুলিৰ আভাস দেখুৱাইছে। প্ৰতিদিনে এই বিষৰ মাজেৰে যাতে পাৰ হ’ব নালাগে তাৰ বাবে হিনাই খুৰাই দিছে। ।এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত হিনা খানে কেপচনত লিখিছে, ‘এই যাত্ৰাৰ আটাইতকৈ কঠিন সময়খিনি স্বাভাৱিক কৰি তোলাৰ প্ৰয়াস। মনত ৰাখিব নাৰীসকল আমাৰ শক্তি হৈছে আমাৰ ধৈৰ্য্য আৰু শান্তি।

Leave A Reply

Your email address will not be published.