ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত খাউৰাঙৰ গাওঁবুঢ়া বস্তিত ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ১৭ জানুৱাৰীত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ প্ৰাঙ্গণত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনসাধাৰনক প্ৰদান কৰা বিভিন্ন আচনী আৰু সেৱা সমুহৰ বিষদ বিৱৰণ ৰাইজৰ পৰা জানিব বিছাৰে। উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত কৃষি বিষয়া, জনস্বাস্থ্য কাৰিকৰি বিষয়া, সমাজ কল্যাণ বিষয়া, হেণ্ডলুম বিষয়া, মধ্যাহ্ন ভোজন, জবকাৰ্ড, ৰাচিন কাৰ্ড আদিৰ বিষদ তথ্য প্ৰত্যেক জন বিষয়াৰ পৰা ৰাইজৰ আগত অৱগত কৰাবলৈ আৰু ৰাইজৰ পৰা উক্ত সুবিধাৰ পৰা উপকৃত হৈছে নে নাই সেই বিষয় বিতংকৈ জানিব বিচাৰে।
সভাত বহু সংখ্যক ৰাইজৰ আগত নিজ নিজ বিভাগৰ বিষয়া সকলে ৰাইজৰ আগত তথ্য সহকাৰে আচনী সমুহৰ বিষয় অৱগত কৰোৱায়ে আৰু ৰাইজেও উক্ত আচনী সমুহৰ পৰা কিমান সকাহ পাইছে সেই বিষয় সভাত ব্যক্ত কৰে। উক্ত আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত বৃহত্তৰ খাউৰাংবাসী ৰাইজ উপস্থিত হৈ চৰকাৰে প্ৰদান কৰা আচনী আৰু সুবিধা সমুহ পোৱা-নোপোৱা বিষয় উপায়ুক্ত পি উদয় প্ৰবীনৰ আগত ব্যক্ত কৰে। ভাৰত স্বাধীনতাৰ সাত দশকৰ পিছত পোন প্ৰথম বাৰে অনুষ্ঠিত হোৱা আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত উপস্থিত হৈ ৰাইজে বহুত জানিব লগীয়া আৰু গোপনীয় ভাৱে ৰখা আচনী সমুহৰ বিতং তথ্য জানিব পোৱাত খাউৰাংবাসী ৰাইজে ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনক ধন্যবাদ জ্ঞাপন কৰে। ৰাইজে উপায়ুক্তৰ সম্মুখত নিজ অঞ্চল আৰু এচাম ৰাজনৈতিক দলৰ কাৰ্য্যকৰ্তাই ৰাইজৰ পৰা গোপন কৰি ৰখা বিভিন্ন অনুদান আৰু আচনীসমুহৰ বিষয় তন্ন তন্নকৈ জানিবলৈ পোৱাত নথৈ আনন্দিত হৈছে।