Breaking

বাৰৰ বাহিৰত অথন্তৰ! তিনি সুৰাসক্ত যুৱতীৰ প্ৰহাৰত আহত আৰক্ষী, যুৱতীয়ে চিঙি পেলালে ইউনিফৰ্ম…

0 22

বাৰৰ বাহিৰত অথন্তৰ! নিশা এখন বাৰৰ বাহিৰত তিনিগৰাকী সুৰাসক্ত যুৱতীয়ে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি। পিছে পৰিস্থিতি চম্ভালিবলৈ আহি তিনি যুৱতীৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল খোদ আৰক্ষী। যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ পোছাক ছিঙি পোলোৱাৰো অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো মহাৰাষ্ট্ৰৰ বিৰাৰত সংঘটিত হৈছে। অঞ্চলটোৰ এখন বাৰৰ বাহিৰত কেইগৰাকীমান যুৱতীয়ে চিঞৰি আছিল। তেওঁলোকেও অশ্লীল শব্দৰে কাৰোবাক গালি পাৰি আছিল। সেই সময়তে অঞ্চলটোত টহল দি থকা আৰক্ষীয়ে যুৱতীকেইগৰাকীক দেখি ঘটনাস্থলীত ৰৈছিল। আৰক্ষীয়ে যুৱতীকেইগৰাকী তেনে আচৰণ নকৰিবলৈ কৈছিল। কিন্তু যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ কথা শুনা নাছিল। তেওঁলোকে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু আৰক্ষীক আক্ৰমণ কৰিছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ভাইৰেল ভিডিঅ’টোত, অভিযুক্ত যুৱতীকেইগৰাকীয়ে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। খবৰ পোৱাৰ পিছত মহিলা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়।


আৰক্ষীয়ে জনোৱা অনুসৰি বিৰাৰৰ এখন বাৰৰ বাহিৰত যুৱতীৰ দুটা গোটৰ মাজত বিবাদ হৈছিল। কাজিয়া বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীক যুৱতীকেইগৰাকীয়ে আক্ৰমণ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩, ৩২৩, ৩৩২, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

Leave A Reply

Your email address will not be published.