ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবি । ৰাতিপুৱা ১১ বজাৰ পিছতো চিকিৎসালয়ত উপস্থিত নহয় চিকিৎসক । বুধবাৰে ওদালগুৰি জিলাৰ ধনশিৰিৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত নোহোৱাত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। । ভেকচিন বিচাৰি ৰাতিপুৱাৰে পৰা চিকিৎসালয়খনত স্থানীয় ৰাইজ ভিৰ কৰি আছিল যদিও ১১ বজাৰ পিছতো চিকিৎসালয় খনত চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ ৰোগীৰ ।ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ৰোগীৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়াৰ । ইফালে মাহত অধিকাংশ দিনেই চিকিৎসালয় খনত চিকিৎসক দেৰিকৈ উপস্থিত হয় বুলি চিকিৎসালয় খনৰ এগৰাকী নাৰ্চে অভিযোগ উত্থাপন কৰিছে । যিসময়ত চৰকাৰে কৰণা ভেকছিনৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেনে সময়তে এই সকল চিকিৎসকে নিজৰ কৰ্মৰ প্ৰতি গাফিলতি কৰি চৰকাৰৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে ।এনেবোৰ চিকিৎসকক নাকি লগাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।