Breaking

জিএছটিৰ নামত প্ৰৱঞ্চনাৰে পঞ্চাছ কোটিৰো অধিক টকা আত্মসাৎঃ প্ৰৱঞ্চক শিবাংগ পাল অৱশেষত আৰক্ষীৰ জালত, তিনিবছৰে অন্তৰ্ধান হৈ থকা শিবাংগ পালক পশ্চিমবংগত গ্ৰেপ্তাৰ…

0 27

জি.এচ.টিৰ কনছাল্টিং প্ৰতিষ্ঠান খুলি বিভিন্ন ব্যৱসায়ীৰ পৰা প্ৰৱঞ্চনাৰে ৫০ কোটিৰো অধিক টকা জালিয়াতিৰে সৰকাই তিনিবছৰ ধৰি পলাই থকা ধেমাজিৰ শিবাংগ পালক অৱশেষত ধেমাজিৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । একাংশ ব্যৱসায়ীৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা আত্মসাৎ কৰি তিনিবছৰে পলাতক হৈ থকা ধুৰন্ধৰ টেক্স কনচালটেণ্ট শিবাংগ পালক শনিবাৰে ধেমাজি আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শিবাংগ পালে ২০১৭ চন মানৰ পৰা ধেমাজি তিলিআলিত টেক্স কনচালটেন্সীৰ কাম কৰিছিল আৰু সেই সময়তে ধুৰন্ধৰ শিবাংগ পালে প্ৰতিজন ব্যৱসায়ীৰ আস্থা আৰু বিশ্বাসক ভৰি মোহাৰি অধিক ধনৰ লালসাত অন্ধ হৈ জালিয়াতিত জড়িত হৈ পৰে৷ প্ৰথমাৱস্থাত ঠিকেই আছিল যদিও ২০২১ চনৰ মাজভাগত পালৰ ভণ্ডামি তথা লুটৰাজৰ কথা পোহৰলৈ আহে৷ শিবাংগ পালৰ সেই জালিয়াতি তথা লুটৰাজৰ সবিশেষ সেইসময়ত সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল৷ আনহাতে কেইবাগৰাকী ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৬৮ ধাৰাৰ অধীনত (গোচৰ নং ১৫৯/২০২১) তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে৷ বিগত তিনি বছৰে পলাতক শিবাংগ পালক বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে ধেমাজিৰ আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰে৷


আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে দেওবাৰে ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে ৬ দিনৰ কাৰণে জিম্মাত লয়৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিৱাংগ পালৰ কেলেংকাৰী সন্দৰ্ভত অৱগত কৰিবলৈ আজি ভুক্তভোগী ব্যৱসায়ী সকলে ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ব্যৱসায়ী ভূৰাম দত্ত, ৰিংকু গগৈ, খগেন গগৈ, মনোজ শৰ্মা, বিনোদ কুমাৰ ৰয়, ৰাজীৱ পাল, ৰঞ্জন গগৈ, গুপ্তা ষ্টোৰ, জোনাই ষ্টোৰ, দীপক দে, হিমাংশু চেলেং, অভিজিৎ নন্দী, শ্ৰীশ্যাম ষ্টীল, নেপাল দাস, সঞ্জয় পাল, দীপক বিশ্বাস, নিতুল দত্ত, উত্তম চৌধুৰী, ৰাজেশ গান্ধী, দাস ব্ৰাদাৰ্চ, বন্দনা ষ্টোৰ, তানিশা এণ্টাৰপ্ৰাইজ, দেৱ এণ্টাৰপ্ৰাইজ, এমপিজি এজেন্সি, সংগীতা এণ্টাৰপ্ৰাইজ, বি ডি এণ্টাৰপ্ৰাইজ, বিশ্বকৰ্মা ইঞ্জিনীয়াৰিং, দৃষ্টি এণ্টাৰপ্ৰাইজ, তাপচ কুণ্ডু, গান্ধী ইলেক্ট্ৰনিকচ, হৰি সোণোৱাল, নিতেশ এজেন্সি, পিবি এণ্টাৰপ্ৰাইজ, কেটি এণ্টাৰপ্ৰাইজ আদিকে ধৰি অৰ্ধশতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে পালৰ ওচৰত জিএচটি পৰিশোধ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰা মতে চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা জিএচটিৰ কাম নজনাৰ বাবে দুবছৰৰো অধিক কাল শিৱাংগ পালৰ জৰিয়তে টেক্স ৰিটাৰ্ণ কৰি আহিছিল। ইয়াৰ বিনিময়ত পালক প্রয়োজনীয় নথি-পত্ৰৰ লগতে সময়মতে নির্ধাৰিত হাৰত বেতন আদি পৰিশোধ কৰিছিল। কিন্তু হঠাতে উক্ত ব্যবসায়ীসকলৰ জি এছ টি নম্বৰবোৰ বন্ধ হৈ পৰে। উপায়হীন হৈ উক্ত ব্যবসায়ীসকলে ধেমাজিত থকা জি এছ টি অফিচলৈ গৈ খবৰ কৰাত তেওঁলোকৰ জি এছ টি নম্বৰৰ পৰা কিনা- বেচাতকৈ অত্যধিক হাৰত জি এছ টি বিল দি থকা দেখুওৱাৰ ফলতে তেওঁলোকৰ জি এছ টি নম্বৰসমূহ বন্ধ হৈ পৰা বুলি জানিব পাৰে। লগে লগে ব্যৱসায়ীসকলে শিবাংগ পালক ফোন কৰে যদিও ফোনসহ দোকান বন্ধ কৰি পালে ধেমাজিৰ পৰা পলায়ন কৰে।

তেতিয়া উপায়হীন হৈ ব্যৱসায়ীসকলে ধেমাজিস্থিত জি এছ টি কার্যালয়ৰ লগত যোগাযোগ কৰি শিবাংগ পালে ব্যৱসায়ীসকলৰ অজ্ঞাতে তেওঁলোকৰ জি এছ টি নম্বৰত পালৰ নিজা ই-মেইল আই ডিসহ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি কোটি কোটি টকাৰ জি এছ টি বিল অবৈধ হিচাপে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ বিভিন্ন দোকান আৰু ঠিকাদাৰক প্ৰদান কৰাৰ কথা জানিব পাৰে। যাৰফলত অবৈধ আৰু অতিৰিক্ত বিলসমূহৰ যি পৰিমাণৰ কৰ হয় সেয়া উক্ত ব্যৱসায়ীসকললৈ সুদৰ সৈতে জি এছ টি অফিচৰ পৰা নটিচ প্ৰেৰণ কৰে ৷ ফলত ব্যৱসায়ীসকলে মূৰে-কপালে হাত দিবলগীয়া হয়৷ এনেদৰে ব্যৱসায়ীৰ মূৰত মাধমাৰ সোধাই পলাই থকা লুণ্ঠনকাৰী শিৱাংগ পালক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ভুক্তভোগী ব্যৱসায়ীসকলে সন্তোষ প্ৰকাশ কৰিছে৷ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত আৰু সংশ্লিষ্ট বিভাগৰ অনুসন্ধানৰ জৰিয়তে বিষয়টো সমাধান হব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়ী সকলে৷

Leave A Reply

Your email address will not be published.