অবিবাহিত দম্পতীৰ বাবে বন্ধ ‘OYO’ৰ দুৱাৰ! OYO হোটেলত থাকিব বিচাৰিলে ‘প্ৰেমৰ প্ৰমাণ’ দিব লাগিব।
OYO’ৰ নতুন নিয়ম অনুসৰি হোটেল চেক-ইনৰ সময়ত এহাল দম্পতীয়ে সম্পৰ্কৰ ‘প্ৰমাণ’ দাখিল কৰিব লাগিব। এই নিয়ম কেৱল OYO’ত অনলাইনত হোটেল ‘বুকিং’ কৰাৰ সময়তহে আহিব।(OYO Rooms)
অবিবাহিত দম্পতীৰ বাবে থকাৰ ব্যৱস্থা সম্পৰ্কীয় নিয়ম সলনি কৰিছে OYOৱে। এতিয়াৰ পৰা অবিবাহিত প্ৰেমিক-প্ৰেমিকাসকলে চকু মুদি বুকিং কৰিব নোৱাৰিব। বৰঞ্চ হোটেলত থাকিব বিচাৰিলে নিজ নিজ ৱেবছাইটত সম্পৰ্কৰ প্ৰমাণ জমা দিব লাগিব। নতুন বছৰত এনে সিদ্ধান্তৰ কথা ঘোষণা কৰিছে OYOয়ে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মেৰুটৰ পৰা এই সন্দৰ্ভত এক গাইডলাইন মুকলি কৰা হৈছে।
OYO’ৰ নতুন নিয়ম অনুসৰি হোটেল চেক-ইনৰ সময়ত এহাল দম্পতীয়ে সম্পৰ্কৰ ‘প্ৰমাণ’ দাখিল কৰিব লাগিব। এই বিকল্প কেৱল অয়’ত অনলাইনত হোটেল ‘বুকিং’ কৰাৰ সময়তহে আহিব। ৰিতেশ আগৰৱালাৰ প্ৰতিষ্ঠানটোৱে অংশীদাৰসকলক সামাজিক যোগাযোগৰ ওপৰত চকু ৰাখিবলৈ, স্থানীয় লোকক প্ৰভাৱিত কৰিবলৈ কয় যাতে কোনো অবিবাহিত দম্পতীয়ে হোটেলত ‘চেক-ইন’ কৰিব নোৱাৰে। ইতিমধ্যে মীৰুটৰ পৰাই OYOৱে সেই নিয়ম প্ৰৱৰ্তন কৰিছে। কিছুদিনৰ পাছত দেশৰ আন প্ৰান্তত জাৰি হ’ব নতুন নিয়ম।
অবিবাহিত দম্পতীয়ে হোটেলত থাকিব নোৱাৰে বুলি ভাৰতত কোনো নিয়ম বা আইনী বাধা নাই। কিন্তু মাজে মাজে দেখা যায়, সামাজিক হেঁচা আৰু কিছু আইনী জটিলতাৰ পৰা হাত সাৰিবলৈ বহু কৰ্তৃপক্ষই প্ৰেমিক-প্ৰেমিকাৰ বাবে হোটেলৰ দুৱাৰ বন্ধ কৰি দিয়ে। সেই ক্ষেত্ৰত ইয়াৰ বিপৰীত আছিল। দৰাচলতে ২০১৩ চনৰ মে’ মাহত ‘OYO ROOMS’ স্থাপন আৰু কেইবছৰমানৰ ভিতৰতে কোম্পানীটোৰ আকাশলংঘী সফলতাৰ আঁৰৰ অন্যতম কাৰণ হ’ল অবিবাহিত দম্পতীক হোটেলখনত থাকিবলৈ অনুমতি দিয়া। OYO’ই তুলনামূলকভাৱে কম দামত ভাল হোটেলৰ ঠিকনা প্ৰদান কৰে। কিন্তু হঠাৎ নিয়ম সলনি হোৱাৰ কাৰণ কি জানেনে?
OYO/S এক বিবৃতিত কয় যে শেহতীয়াকৈ সমাজৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। বিশেষকৈ এনে বহু আবেদন মীৰুটৰ পৰা আহিছে। ইয়াৰ বাহিৰেও আন চহৰৰ পৰাও এনে বহু আবেদন আহি আছে। সকলোৱে বিচাৰে অবিবাহিত দম্পতীৰ হোটেলত থকা নিষেধাজ্ঞা প্ৰদান কৰাটো। এনে সকলো আবেদন পৰীক্ষা কৰি নতুন সিদ্ধান্ত লৈছে OYO’ই।