সমষ্টিলৈ ভোট বিচাৰি আহিলেই নহ’ব, নিৰ্বচনৰ পাছত ৰাইজৰ খবৰ কৰিবলৈও আহিব লাগিব বুলি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ৷ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কেৱল সমালোচনা কৰি থাকিলেই নহ’ব কোৱাৰ লগতে (Pabitra Margherita) ৰাইজৰ উন্নয়নৰ কথাও চিন্তা কৰিব লাগিব বুলিও কয়৷ দেওবাৰে ডিমৌ সমষ্টিৰ মধুপুৰত পঞ্চাশ লাখ টকাৰ অনুদানৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ক্ষোৰধাৰ সমালোচনা কৰে যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈক৷
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ডিমৌৰ মধূপুৰত থকা টাই আহোম সংস্কৃতি উন্নয়ন আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা, বস্ত্ৰ দ৫১১ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ডিমৌ সমষ্টিত কেইবাটাও প্ৰকল্পলৈ কেইবা কোটি টকা আৱণ্টন দি প্ৰকল্পৰ কামৰ আধাৰশিলা কৰে৷ উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে বহু স্থানীয় গণ্য-মান্য ব্যক্তিৰ লগতে অনুষ্ঠানটোৰ বিষয়ববীয়াসকল৷
সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয় যে, এতিয়াৰ পৰা মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিনিধি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ এজন সাংসদ হিচাপে ৰাইজৰ কাষত ঠিয় হৈ সেৱা আগবঢ়াই যাম৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীজনে যোৰহাট লোকসভা সমষ্টিত ১৩টা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে৷ মন্ত্ৰীজনে ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ মধূপুৰত আধাৰশিলা স্থাপন কৰাৰ লগতে টেঙাপানীত থকা দেউৰীসকলৰ উপাসনাস্থলী বলীয়া বাবা থানলৈ বুজন পৰিমানৰ অনুদান আগবঢ়াই কামৰ আধাৰশিলা কৰে৷