Breaking

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গড়ৰ ৰম্যভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্য…

0 72

আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰে এশিঙীয়া গড়ৰ ৰম্যভূমি মায়ঙৰ পবিতৰা অভয়াৰন্য ৷ ফিতা কাটি মুকলি কৰিলে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

বহু প্ৰতীক্ষাৰ অন্তত আজি মুকলি কৰে মায়ঙৰ পবিতৰা অভয়াৰণ্য।দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত সাজু কৰি তোলা হৈছে ২৫ খন জীপ ছাফাৰী আৰু ৯ টাকৈ বিভাগীয় হাতী ছাফাৰী । এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যত ফিতা কাটি হাতী ছাফাৰীৰ আমেজ লয় বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই।

বহু প্ৰতীক্ষাৰ অন্তত আজি এক উখল-মাখল পৰিবেশৰ মাজতে মুকলি কৰে অভয়াৰন্যখন ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা,

মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ লোকসকল ৷ আজিলৈকে পবিতৰা অভয়াৰণ্যত পয্যাটক সকলে স্থানীয় ৰাইজৰ পৰা কোনো অসুবিধা পোৱা নাই, আনকি মায়ঙৰ ৰাইজ অতিথি পৰায়ণ বুলি ভূয়সী প্ৰশংসা কৰে মাননীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

Leave A Reply

Your email address will not be published.