মৰিগাঁৱত কৃষকৰ উৎপাদিত ধান নিৰুপন জিলা কৃষি বিভাগৰ

মৰিগাঁৱত আন্তৰাষ্ট্ৰীয় কৃষি গবেষণা কেন্দ্ৰৰ উদ্যোগত কালি মৰিগাঁও জিলা কৃষি বিভাগৰ এপাৰ্ট আচনিৰ জৰিয়তে কৃষকৰ উৎপাদিত ধান নিৰুপন কৰে এটি কৃষি বিভাগৰ দলে ৷ জিলাখনৰ ঔজাৰীত জিলা কৃষি বিভাগৰ এপাৰ্ট আচনিৰ জৰিয়তে ১০ টাকৈ উন্নত জাতৰ ধানৰ খেতি কৰা হৈছিল ৷ ইয়াৰে আজি ১০ টা ধানৰ জাত নিৰুপন কৰি জিলাখনৰ  কৃষকৰ বাবে আগন্তুক বৰ্ষত খেতি কৰিব পৰাকৈ তিনিটা উন্নত জাত বাচনি কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰী, জিলা কৃষি বিষয়া অৰূপ বৰা , আন্তৰাষ্ট্ৰীয় কৃষি গবেষণা কেন্দ্ৰৰ জিলা বিষয়া কস্তূৰী বৰ্মন আৰু জেষ্ঠ কৃষি চক্ৰ বিষয়া বিনিতা বৰ্মন ৷

Related Articles