কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুক্তিৰ দাবীত ৰাজধানীত আন্দোলনৰ প্ৰায় ১০০০ সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে কৰ্তৃপক্ষই। বুধবাৰে মহানগৰীৰ আৰক্ষী অধীক্ষকে এই তথ্য অৱগত কৰে।ইছলামবাগ আৰক্ষী অধীক্ষক আলী ৰিজৱীয়ে মঙলবাৰৰ অভিযানত ৬০০ লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ লগে লগে যোৱা তিনিদিনত মুঠ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৯৫৪ জনলৈ বৃদ্ধি পালে।আন্দোলনকাৰীৰ পৰা অটোমেটিক ৰাইফল, কন্দুৱা গেছ, বন্দুককে ধৰি বিভিন্ন অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ইমৰাণৰ পত্নীয়ে নেতৃত্ব দিয়া প্ৰতিবাদৰ ওপৰত নিশা আৰক্ষীয়ে চলোৱা দমন কাৰ্যসূচীত শ শ লোকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইমৰাণ খানৰ সহায়কসকলে। কিন্তু তেওঁলোকে এই সন্দৰ্ভত কোনো প্ৰমাণ দিব পৰা নাই। তেওঁলোকে দাবী কৰিছে ছে হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।