দেউলীয়া হোৱাৰ পথত পাকিস্তান।কিন্তু অপৰিসীম ধন-সম্পত্তিৰে ৰজাৰ দৰে দিন পাৰ কৰিছে দেশখনৰ প্ৰধান মন্ত্ৰীয়ে।চুবুৰীয়া দেশ পাকিস্তানত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। দেশত ব্যাপক খাদ্য আৰু আৰ্থিক সংকটত অব্যাহত আছে। আনকি ৰন্ধন গেছৰ চিলিণ্ডাৰ এটাও তাত ১০ হাজাৰ পাকিস্তানী টকাত বিক্ৰী কৰা হৈছে। অৱশ্যে মুকলি বজাৰত নহয় ক’লা বজাৰত বিক্ৰী হৈছে। এক কেজি আটাৰ মোনা এটাৰ বাবে সংগ্রাম কৰিব লাগিছে মানুহে।
সাধাৰণ পাকিস্তানৰ নাগৰিকে দেশৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সম্পত্তিৰ পৰিমাণ জানিলে হয়তো স্তম্ভিত হ’ব।কিন্তু এতিয়া সমগ্ৰ দেশতে আলোচনা আৰম্ভ হৈছে।প্ৰধানমন্ত্ৰীৰ চৰকাৰী ব্যয় হ্ৰাস কৰাৰ দাবী উঠিছে । পাকিস্তানী নাগৰিকৰ প্ৰশ্ন – যদি কাৰোবাক তেওঁৰ ব্যক্তিগত সম্পত্তিৰ পৰা সহায় কৰিব নোৱাৰি তেন্তে সেই সম্পত্তিৰ কি প্ৰয়োজন? ইতিমধ্যে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ সমস্যাত ভাৰাক্ৰান্ত হৈছেপাকিস্তান। তাৰ বাবে সাধাৰণ জনতাই নেতাসকলৰ ভুল নীতিৰ মূল্য দিব লগীয়া হৈছে।
ইয়াৰ বিপৰীতে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা যিয়েই নহওক কিয়, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ধন-সম্পত্তি কমি যোৱা নাই। এক প্ৰতিবেদন অনুসৰি দেশত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০৮ মিলিয়ন ডলাৰ। একে সময়তে লণ্ডনত থকা সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫.৩ কোটি ডলাৰ। এই তথ্যই পাকিস্তানী জনসাধাৰণ স্তম্ভিত কৰি তুলিছে। তেওঁ চৰকাৰী দৰমহা হিচাপে পায় প্ৰায় ২৪ লাখ ১৮ হাজাৰ পাকিস্তানী টকা প্ৰতি বছৰত। শ্বাহবাজ শ্বৰীফৰ আয় প্ৰতিমাহে প্ৰায় ২ লাখ টকা। পাকিস্তান আৰু লণ্ডনত তেওঁৰ মুঠ ২৬২ মিলিয়ন ডলাৰ অৰ্থাৎ ২২ বিলিয়ন পাকিস্তানী টকা আছে।
শ্বাহবাজ শ্বৰীফৰ প্ৰথম পত্নী নুছৰত শ্বাহবাজ তেওঁৰ তুলনাত বহুত বেছি ধনী । তেওঁৰ মুঠ সম্পত্তি ২৭৬ মিলিয়ন ডলাৰ। শ্বাহবাজৰ দ্বিতীয় পত্নী তেহমিনা দুৰানীৰো বিশাল সম্পত্তি আছে। তেওঁৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ মুঠ মূল্য আছিল ৯.২৩ কোটি টকা। তেওঁৰ দুখন বিলাসী গাড়ীও আছে।প্ৰসংগক্ৰমে ২০২০ চনত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক অবৈধ ধনৰ গোচৰত গ্ৰেপ্তাৰো কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে মুঠ ৭ হাজাৰ ৩২৮ কোটি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ পুত্ৰ হামজাৰ বিৰুদ্ধেও আছে দুৰ্নীতিৰ অভিযোগ। শ্বাহবাজ শ্বৰীফৰ পুত্ৰ হামজা ১৬ এপ্ৰিলত বিপুল সংখ্যাগৰিষ্ঠতাৰে পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। এই পৰিয়ালটোক দেশৰ অন্যতম ধনী পৰিয়াল বুলি গণ্য কৰা হয়।