Breaking

দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ পাকিস্তানী অভিনেত্ৰী মাহিৰা খান। মাহিৰাৰ দ্বিতীয় স্বামী চেলিম কৰিম কোন?

0 100

শ্বাহৰুখ খানৰ সৈতে ৰয়ছ ছবিত দেখা অভিনেত্ৰী মহিৰা খানৰ দ্বিতীয় বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীৰ দ্বিতীয় স্বামী কোন আৰু কি কৰে জানো আহক এই বিষয়ে। দেওবাৰে পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে গোপনে প্ৰেমিক চেলিম কৰিমৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পাকিস্তানী অভিনেত্ৰীগৰাকীৰ মেনেজাৰে শ্বেয়াৰ কৰা বিয়াৰ প্ৰথমটো ভিডিঅ’ই নিশ্চিত কৰিছে যে মাহিৰাই নিজৰ ছ’লমেট বিচাৰি পাইছে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত এই দম্পতীৰ বিবাহপাশত আৱদ্ধ হয়। কিন্তু মাহিৰাৰ স্বামী চেলিম কৰিম কোন?

অৱশেষত দীৰ্ঘদিনীয়া প্ৰেমিক চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মাহিৰা খান। বৰ্তমান অভিনেত্ৰীগৰাকীৰ বিয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপোনালোকক কওঁ যে মাহিৰাৰ স্বামী পাকিস্তানী চলচ্চিত্ৰ জগতৰ অংগ নহয়। তেওঁ এজন ব্যৱসায়ী আৰু পাঁচ বছৰ ধৰি মাহিৰাৰ লগত ডেটিং কৰি আছিল। চেলিম মহিৰাৰ ভাল বন্ধুও। বলীউডশ্বাদিছ ডট কমকে ধৰি বহু বাতৰি অনুসৰি চেলিম হৈছে ছিম্পাইছা নামৰ এটা বিখ্যাত ষ্টাৰ্ট আপ কোম্পানীৰ চিইঅ’। এই কোম্পানীয়ে ১৫খনতকৈও অধিক দেশৰ বিভিন্ন খণ্ডৰ ব্যৱসায়ীসকলক সুবিধা প্ৰদান কৰে। চেলিমৰ কাম শ্ব’বিজৰ সৈতে জড়িত নহ’বও পাৰে, তথাপিও তেওঁ এজন পেছাদাৰী ডিজে বুলি দাবী কৰা হৈছে। খবৰ অনুসৰি চেলিম আৰু মাহিৰাৰ প্ৰথম সাক্ষাৎ হৈছিল এটা অনুষ্ঠানত। টেলিভিছন এপ্লিকেচন টাপমাড টিভিৰ দ্বাৰা প্ৰযোজনা কৰা এই অনুষ্ঠানটো।

Leave A Reply

Your email address will not be published.