মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকালৈ সৰ্বভাৰতীয় সন্মান…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকালৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ ২০২৪ সন্মান৷ উল্লেখ্য যে, দ্য একাডেমিক ইনচাইট মেগাজিনে আগবঢ়াইছে এই সন্মান৷ শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভৱেন্দ্ৰনাথ ডেকালৈ এই সন্মান আগবঢ়াইছে৷ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ ভূমিকাৰ হেতু ২৫ জন বিশেষ ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷

এই বঁটা প্ৰাপক আচাৰ্যসকলৰ ভিতৰত আছে ড° ডি ভিৰেন্দ্ৰ হেগাড, ড° জি পৰমেশ্বৰ, ড° বি এন সুৰেশ, অধ্যাপক আৰ কে খাণ্ডাল, অধ্যাপক প্ৰমে ভাট, ড° বি আৰ মানি ইত্যাদি৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে এই সন্মান লাভ কৰি আচাৰ্য গৰাকীয়ে মতপোষণ কৰে যে, এই সন্মান মোৰ নিজৰ বাবে গৌৰৱৰ নহয়৷ এই সন্মান বিশ্ববিদ্যালয়ৰ সন্মান৷ এই সন্মানে বিশ্ববিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰিব৷

Related Articles