চেঙাৰ ম’হচৰাত পঞ্চায়ত সভাপতিৰ লুণ্ঠনৰাজ !কৱৰস্থানৰ নামত আৱণ্টিত ধন সভাপতিয়ে আত্মসাৎ কৰাৰ অভিযোগ…

চেঙাৰ ম’হচৰাত পঞ্চায়ত সভাপতিৰ লুণ্ঠনৰাজ ,কৱৰস্থানৰ নামত আৱণ্টিত পাঁচ লাখ টকা সভাপতিয়ে আত্মসাৎ কৰাৰ অভিযোগ

বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত ম’হচৰাত এইবাৰ পঞ্চায়ত সভাপতিৰ লুণ্ঠনৰ চৰিত্ৰ উদঙাইছে স্থানীয় ৰাইজে | অভিযোগ অনুসৰি ২৭ নং মহচৰা গাওঁ পঞ্চায়তত কৱৰস্থান স্থাপনৰ নামত আৱণ্টিত পাঁচলাখ টকা পঞ্চায়ত সভাপতি আৰু সচিবে মিলি হৰলুকি কৰে |পঞ্চায়ত সভাপতি মইদুল ইছলাম আৰু সচিব মইদুল ইছলাম মোস্তাফিয়ে আত্মসাৎ কৰে কবৰস্থানৰ নামত আবন্টিত ধনৰাশি |কৱৰস্থানৰ নামত আবন্টিত ৫ লাখকৈ টকা আত্মসাত কৰিবলৈও কুণ্ঠাবোধ নকৰাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে | অভিযোগ সভাপতি আৰু সচিবৰ বিৰুদ্ধে।

পবিত্র কবৰস্থানো যেতিয়া লুণ্ঠনকাৰীৰ লোলুপ দৃষ্টি পৰে তাতকৈ আৰু নিকৃষ্ট কাণ্ড কি হ’ব পাৰে বুলিও বহুতেই কোৱাকুই কৰিছে | উল্লেখ্য যে ২০১৭ বৰ্ষত চেঙা উন্নয়ন খণ্ডৰ পৰা পাচ লাখ টকা অনুমোদন কৰা হৈছিল কৱৰস্থানৰ বাবদ ,সেইমৰ্মে ‘১৮-১৯ বৰ্ষত মাত্ৰ কেইট্ৰেক্টৰ মান মাটি পেলাই বাকী সমূদায় ধন আত্মসাত কৰে সভাপতি আৰু সচিবে মিলি |


আনকি কামৰ তথ্য ফলকখনো মাটিৰ তলত পুতিহে ৰখা হৈছিল | এতিয়া প্ৰশ্ন হয়, কাম নকৰাকৈয়ে কেনেকৈ পইচা আত্মসাৎ কৰাৰ ব্যৱস্থা কৰি দিলে পঞ্চায়ত সচিব, জি,আৰ এচ,আফজালুৰ ৰহমান আৰু অভিযন্তা দিলোৱাৰ হুছেইনে ?

পঞ্চায়ত খনত সংঘটিত এই বিয়াগোম দুৰ্নীতিৰ তদন্ত সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে সংশ্লিষ্ট বিভাগে ?

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপোৰ্ট

Related Articles