Breaking

খাৰঘূলিত পণ্ডিত কালিৰাম মেধি স্মৃতিচাৰণ সভা…

0 83

অসম সাহিত্য সভাৰ তৃতীয় গৰাকী সভাপতি তথা ভাষা তত্ত্ববিদ পণ্ডিত কালিৰাম মেধিৰ কৰ্মৰাজিৰ স্মৃতিচাৰণৰ উদ্দেশ্যে খাৰঘূলি শাখা সাহিত্য সভাৰ উদ্যোগত স্হানীয় লাল সিং একাডেমী স্কুলত বাণীকান্ত চক্ৰৱৰ্তীৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ সভা আজি অনুষ্ঠিত হয়। ললিত চন্দ্র ভড়ালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গংগাপদ চৌধুৰী আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ শ্যামভদ্ৰ মেধিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভা খনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ডঃ গংগাপদ চৌধুৰীয়ে অসমৰ তৃতীয় গৰাকী স্নাতকোত্তৰ ডিগ্রী ধাৰী কালিৰাম মেধিয়ে ব্ৰিটিছ ভাৰতৰ উপায়ুক্তৰ দৰে দায়িত্বত থাকিও কিদৰে ভাষাতত্ত্বৰ গৱেষণা কাৰ্য্য কৰিছিল সেই বিষয়ে ফহিয়াই আলোচনা কৰাৰ লগতে তেখেতৰ বিদ্যায়তনিক দিশটোৰ ওপৰতো আলোকপাত কৰে।


তেখেতে পণ্ডিত মেধিৰ অংকাৱলী গ্ৰন্থৰ বিভিন্ন দিশো পৰ্যালোচনা কৰে। সভাত কালিৰাম মেধিৰ নাতি তথা বিশিষ্ট পণ্ডিত ডঃ শ্যামভদ্ৰ মেধিয়ে কালিৰাম মেধিৰ সাহিত্যিক অৱদান সন্দৰ্ভত বিভিন্ন লেখকে বিভিন্ন সময়ত লিখা প্ৰবন্ধ সন্দৰ্ভত এক আলোচনা আগবঢ়াই এই সন্দৰ্ভত নৱ প্ৰজন্মক জাগৃত কৰাৰ ওপৰত তেও গুৰুত্ব আৰোপ কৰে।
সভাত লিখিত বক্তব্য পাঠ কৰি হেমচন্দ্র পাঠকে শ্ৰীমন্ত শংকৰদেৱ চৰ্চা, পূৰণি পুথি সম্পাদনা আৰু লক্ষ্মীনাথ বেজবৰুৱাক জন মানসত প্ৰতিষ্ঠা কৰাৰ দিশত পণ্ডিত কালিৰাম মেধিৰ অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে।

সভাত ছিলঙৰ শংকৰদেৱ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় বৰ্মনে সম্প্ৰতি অসমীয়া ভাষাৰ ব্যৱহাৰৰ ক্ষেত্রত দেখা দিয়া খেলি মেলি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি এই ক্ষেত্রত সজাগ হবলৈ সকলকে আহ্বান জনায়। খাৰঘূলি শাখা সাহিত্য সভাৰ সম্পাদক নিতুল হাতীকাকতীয়ে আত ধৰা সভা খনত ৰজত চন্দ্র বড়োৱে এটি সংস্কৃত শ্লোক পৰিৱেশন কৰে৷ উল্লেখযোগ্য যে অহা ১৮ অক্টোবৰত পণ্ডিত কালিৰাম মেধিৰ জন্ম দিৱসৰ সৈতে ৰজিতা খুৱাই সভাখন অনুষ্ঠিত কৰা হৈছিল।

Leave A Reply

Your email address will not be published.