Breaking

ডিগবৈ টুৰিজ লজৰ স্বতাধিকাৰ পংকজ বৰুৱাক আটক

0 1,589

নাৰীৰ লগতে যুৱতীৰ দেহ ব্যৱসায়লৈ পৰিণত ডিগবৈ গোলাই স্থিত টুৰিছ লজ।পৰ্য্যতকৰ বাবে থকা সুবিধাৰ বাবে বহু বছৰৰ পূৰ্বে চৰকাৰৰ স্বীকৃতি প্ৰাপ্তি লাইচেন্সেৰে লিজত লৈ বহু বছৰ বছৰ ধৰি ডিগবৈ ব্যৱসায়ী পংকজ বৰুৱাৰ উক্ত লজ খনত বিভিন্ন পান্তৰ পৰা নাৰী লগতে যুৱতী সকলৰ দেহ ব্যৱসায় চলাই আহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।তেনে সময়তে তিনিচুকীয়া আৰক্ষী থানাৰ বিষয়া পৰাগ বৰগোঁহাই নেতৃত্বত লজখনত অভিযান চলাই ডিগবৈ টুৰিষ্ট লজৰ পৰা ৬ গৰাকী যুৱতীৰ সৈতে ৫ জন যুৱকক আতক কৰে।

যুৱক কেইজনৰ নাম ক্ৰমে : আদিব আনচাৰী (২৪) , আৰিফ শ্বাহ,(২০), অমচৰ আলী( ২০), জালাউদ্দিন তালুকদাৰ (৪০) আৰু বিজয় শংকৰ আগৰৱালা( ৪৪) ।লজ খনৰ মেনেজাৰ হৰি শৰ্মা আৰু ৰুবি বৰুৱা নামৰ আন এগৰাকী মহিলাই যোগান ধৰিছিল এই যুৱতী সকলক।কিন্তু কোন এই ৰুবি বৰুৱা ? ৰহস্যৰ আৱৰ্তত।আনহাতে লজ খনৰ ১২ আৰু ১৩ নম্বৰৰ ৰোমত যুৱক-যুৱতী সকলে ব্যৱহাৰ কৰা বহুতো আপতিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে লজখনৰ স্বত্বাধিকাৰ পংকজ বৰুৱাক ডিগবৈ আৰক্ষীয়ে আটক কৰে।লজখনৰ মেনেজাৰ হৰি শৰ্মা পলাটক।


ডিগবৈৰ পৰা ৰুনু হাজৰিকা প্ৰতিবেদন

Leave A Reply

Your email address will not be published.