Breaking

নাৰিকলৰ ওপৰত গৱেষণা কৰি ৰাষ্ট্ৰীয় সন্মানৰে উজ্বলি উঠিল হাজোৰ পংকজ দাস

0 591

থলুৱা নাৰিকলৰ বিপৰীতে অসমত শেহতীয়াকৈ বৃদ্ধি পাইছে আমদানিকৃত নাৰিকলৰ চাহিদা। এনে সময়তে নাৰিকলৰ ওপৰত গৱেষণা কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ নাৰিকল বিকাশ বোৰ্ডৰ দ্বাৰা ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে হাজো পানীপাৰাৰ পংকজ দাস। কেৰেলাত অনুষ্ঠিত বিশ্ব নাৰিকল দিৱসৰ অনুষ্ঠানত এই সন্মান লাভ কৰে হাজোৰ যুৱ খেতিয়ক গৰাকীয়ে। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে পংকজ দাস। বিগত ৩০ বছৰে নাৰিকলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে পংকজ দাসে গৱেষণা চলাই গৈছে নাৰিকলৰ ওপৰত। প্ৰায় ৪ বছৰ সময় চোৱা-চিতা কৰাৰ পাছত ৫০বছৰ ধৰি ইয়াৰ ফল পোৱাৰ লগতে ১বিঘা মাটিত নাৰিকলৰ খেতিৰে বছৰি ২ৰ পৰা ৩লাখ টকা উপাৰ্জন কৰি নিৱনুৱা যুৱক-যুৱতীসকল স্বাৱলম্বী হ’ব পাৰিব বুলি মন্তব্য কৰে যুৱ খেতিয়ক গৰাকীয়ে।

উল্লেখ্য যে প্ৰয়াত পিতৃ ঋষভ দাসৰ পদাংক অনুসৰণ কৰি শিক্ষিত যুৱক পংকজ দাসে নাৰিকল খেতিৰ ওপৰত মনোনিৱেশ কৰে। গুৱাহাটীৰ কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বিভিন্ন সময়ত নাৰিকলৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ লোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত পংকজ দাসে। অসমত থলুৱাভাৱে নাৰিকলৰ উৎপাদন কম হোৱাৰ বাবেই প্ৰতিটো নাৰিকল দাম ৫০ৰপৰা ১০০টকা পৰ্যন্ত হোৱাৰ বিপৰীতে অসম তথা ভাৰতৰ বাহিৰৰ পৰা আমদানিকৃত নাৰিকল ১০ ৰ পৰা ২০টকাত বজাৰত উপলব্ধ হৈছে। ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক নাৰিকলৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, গৱেষক পংকজ দাসে।

Leave A Reply

Your email address will not be published.