Pappu Yadav Attacks Himanta Biswa Sarma: দেওঘৰত হিমন্ত বিশ্ব শৰ্মাক এইয়া কি কলে পাপ্পু যাদৱে ?

দেওঘৰ, ২২অক্টোবৰ: সমাগত ঝাৰখণ্ড বিধানসভা নিৰ্বাচন (Jharkhand Assembly elections)। অহা ১৩ আৰু ২০ নবেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন । তাৰ পূৰ্বে শাসক-বিৰোধী দুয়োটা শিবিৰেই বৃদ্ধি কৰিছে ৰাজনৈতিক তৎপৰতা । ইফালে ঝাৰখণ্ডৰ ৰাজনীতিত এইসময়ত চৰ্চিত এটা নাম হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । ঝাৰখণ্ড নিৰ্বাচনৰ বাবে বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দ্বায়িত্ব দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । সেয়েহে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী ।

ৰাজ্যখনত শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতাৰ মাজতে বিহাৰৰ পূৰ্ণিয়াৰ সাংসদ পাপ্পু যাদৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰিলে আক্ৰমণ (Pappu Yadav Attacks Himanta Biswa Sarma)। হিমন্ত বিশ্ব শৰ্মাক গুণ্ডা বুলি অভিহিত কৰি পাপ্পু যাদৱে কলে, হিমন্তই ঝাৰখণ্ডলৈ আহি গুণ্ডাগিৰি কৰিছে । দেওবাৰে সন্ধিয়া ঋাৰখণ্ডৰ দেওঘৰত উপস্থিত হোৱা পাপ্পু যাদৱে বিজেপিক আক্ৰমণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য কৰা পৰিলক্ষিত হ’ল ।

পাপ্পু যাদৱে বিজেপিক আক্ৰমণ কৰি কয় যে ঝাৰখণ্ডত ঝাৰখণ্ডৰ চৰকাৰ গঠন হ’লেহে ইয়াৰ জনসাধাৰণৰ বিকাশ সম্ভৱ হ’ব, দিল্লী আৰু অসমৰ মানুহে ইয়াৰ স্থানীয় ৰাইজৰ সমস্যা কেতিয়াও বুজিব নোৱাৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তেওঁ ইয়ালৈ আহি গুণ্ডাগিৰি কৰিছে বুলিও উল্লেখ কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কলে, তেওঁ নিজৰ গুণ্ডাবোৰৰ জৰিয়তে ঝাৰখণ্ডত যিধৰণে চৰকাৰ গঠন কৰিব বিচাৰিছে, সেইয়া কেতিয়াও সম্ভৱ নহয়।

দেওঘৰত উপস্থিত হৈ পাপ্পু যাদৱে প্ৰথমে বাবা মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছতে জেএমএমৰ কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে এইবাৰ ঝাৰখণ্ডত হেমন্ত সোৰেনৰ(Hemant Soren) চৰকাৰ গঠন হোৱাটো নিশ্চিত । কাৰণ ঝাৰখণ্ডৰ ৰাইজে উপলব্ধি কৰিছে, যদি কোনোবাই ঝাৰখণ্ডৰ কল্যাণৰ হকে কাম কৰিব পাৰে, তেন্তে সেয়া কেৱল হেমন্ত সোৰেনেহে পাৰিব ।

Related Articles