Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ অন্যতম কৃষি ভিত্তিক উৎসৱ(Agricultural Festivals) প:ৰাগ উৎসৱ বা নৰাছিগা উৎসৱ(Narashiga Festival)। মিচিং জনগোষ্ঠীৰ(Mising People) লোকসকলে কৃষি চপোৱাৰ পাছত আৰু প্ৰতি পাঁচ বছৰৰ মুৰত এক বৰ্ণাঢ্য প্ৰস্তুতিৰ পিছত গাঁৱৰ কৃষি কৰ্ম, অপায়-অমংগল দূৰ কৰি গাঁৱৰ সকলোৰে কুশল-মঙ্গলৰ বাবে উপৰিপুৰুষ দ:ঞি-প:ল, কাৰচিং-কাৰতাঙক স্মৰণ কৰি  আয়োজন কৰা হয় প:ৰাগ উৎসৱ।

পৰম্পৰা অনুসৰি প:ৰাগ উৎসৱত গাঁৱৰ পৰা অন্য ঠাইত বিয়া দিয়া জী-জোঁৱাইসকলক আমন্ত্ৰণ জনোৱা হয়। য’ত বহু বছৰৰ পিছত গাঁৱৰ পৰা বিয়া উলিয়াই দিয়া জী-জোঁৱাইসকল একেটা দিনত একেটা স্থানত লগ পোৱাৰ সৌভাগ্য লাভ কৰে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ সোৱণশিৰি(Subansiri river) গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগুম গাঁৱত ৭তম প:ৰাগ উৎসৱ অনুষ্ঠিত কৰা হয়।

২৫, ২৬, ২৭ আৰু ২৮ মাৰ্চলৈ অনুষ্ঠিত কৰা চৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা ১০ বজাত ৭তম বগুম প:ৰাগ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বগুম নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে মিচিং আগম কেবাঙৰ উপ-সভাপতি কালিনাথ পাংগিং।

বগুম গাঁৱৰে জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ ৰেগনে সভাপতিত্ব কৰা বগুম গাঁৱৰ ইতিহাস বিজৰিত বগুম নামৰ স্মৃতিগ্ৰন্থ  উন্মোচনী সভাত মিচিং আগম কেবাঙৰ উপ সভাপতি কালি নাথ পাংগিঙে মিচিং সমাজৰ পৰম্পৰাগতভাৱে উদযাপন কৰা প:ৰাগ উৎসৱৰ উৎপত্তিৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম মেদকে প:ৰাগ উৎসৱৰ প্ৰায়োগিক দিশ সমূহৰ ওপৰত গৱেষণা কৰি সঠিক ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কয়। স্মৃতিগ্ৰন্থ উন্মোচনীৰ পিছতে দগচিৰি  ই-আলোচনীৰ সম্পাদক তপন লালে সঞ্চালনা কৰা এক গাম্ভীৰ্যপূৰ্ণ অৱনৰি অঞ্চলৰ নবীন-প্ৰবীন কবিৰ দ্বাৰা কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

কবিতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে কালি নাথ পাংগিং ,টুনিৰাম মেদক, প্ৰবীণ মিলি, অৱনৰি বাংকে মিচিং আগম কেবাঙৰ সম্পাদক ৰাজকুমাৰ চিন্তে,অনুভৱ প্ৰিয়ম মিৰি, কৃষ্ণকান্ত মেদক আদিয়ে।সভাত উপস্থিত থাকে বগুম স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদক অজিত বাচিং,কাৰ্যকৰী সম্পাদক হিতেশ্বৰ কুলি, সম্পাদক পৱিত্ৰ কুলি,বগুম গাঁৱৰ জ্যেষ্ঠ নাগৰিক লক্ষ্য কুলি, ৰমাকান্ত কুলি,কৰ্ণেশ্বৰ ৰেগন,বক্সিৰাম ৰেগন,বিলাচন কুলি,মুনিন্দ্ৰ কুলি,চন্দ্ৰ কুলি, সুনীল কুলি,দেউবৰ কুলি, জেইলসিং কুলি,লিখন্ত কুলি,ভদ্ৰ সিং ৰেগন আদিয়ে।

উল্লেখ্য, কাৰ্যসূচী অনুসৰি ২৬ মাৰ্চ প্ৰথম দিনা বিয়লি ৩ বজাত মেধি ভকতক আদৰণি জনায়। দ্বিতীয় দিনা পুৱা ৬ বজাত বগুম গাঁৱৰ ডেকা বড়া-তিৰিবড়া, আদৰণি সমিতিৰ সভাপতি সম্পাদকক আদৰণি জনোৱাৰ পিছতে মাংগলিক নীতি-নিয়মেৰে প:ৰাগ পৰ্ব আৰম্ভ হয় আৰু ১০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

লগে লগে অতিথি জী-জোঁৱাইসকলক আদৰণি জনায় বগুম গাঁৱৰ কৃষ্টি দলৰ দ্বাৰা মঞ্চ মুকলি কৰি জী-জোঁৱাই সকলৰ কৃষ্টি প্ৰদৰ্শন কৰে। ২৯ মাৰ্চ শনিবাৰে গাঁৱৰ ডেকা-গাভৰু সকলৰ প্ৰীতিভোজ অনুষ্ঠিত কৰাৰ পিছতে বিয়লি ৩ বজাত মুৰংঘৰ বিদায় পৰ্ব অনুষ্ঠিত কৰি সামৰণি পৰিব বগুম গাঁৱৰ প:ৰাগ উৎসৱ।

Related Articles