বৰ্তমান মোবাইল ফোন দৈনন্দিন জীৱনৰ এক এৰাব নোৱৰা অংগত পৰিণত হৈছে। নিত্য নতুন অত্যাধুনিক সুবিধাৰে উপলব্ধ মোবাইল ফোনে অতি সহজেই শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰিব পাৰে। ই আমাৰ প্ৰাত্যহিক জীৱন সূচল কৰি তুলিছে। এই ক্ষুদ্ৰ যন্ত্ৰবিধে আমাৰ দৈনন্দিন জীৱনৰ বহুতো দৰকাৰী কাম অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ লগতে শ্ৰমো লাঘৱ কৰে। সেয়ে ইয়াৰ অৱদানক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। কিন্তু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংযত আৰু সচেতন নোহোৱাৰ ফলত মোবাইল আমাৰ বাবে বিভিন্ন সময়ত ক্ষতিকাৰকো হৈ আহিছে। বিশেষকৈ কম বয়সীয়া ল’ৰা-ছোৱালীও ইয়াৰ প্ৰতি গভীৰভাৱে আসক্ত হোৱাটো চিন্তনীয় হৈ পৰিছে। ইফালে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ বাবে শিক্ষানুষ্ঠানবোৰ কেইবামাহো বন্ধ হৈ থকাত বিকল্প ব্যৱস্থা হিচাপে মোবাইলত উপলব্ধ বিভিন্ন সুবিধাৰে পাঠদানৰ দিহা কৰি থকা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মোবাইলৰ ব্যৱহাৰ গ্ৰহণযোগ্য যদিও নিম্ন শ্ৰেণীৰ কণ কণ শিক্ষাৰ্থীৰ ক্ষেত্ৰত এয়া কিমান গ্ৰহণযোগ্য সেয়া সন্দেহৰ আৱৰ্তত। কিন্তু বিধিৰ বিপাকত শিক্ষানুষ্ঠানত নিষিদ্ধ মোবাইলটোকে আজি উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে সন্তানৰ হাতত তুলি দিবলগীয়া হৈছে। গতিকে এতিয়া বিনা বাধাই শিশুৰ হাতত মোবাইল ফোন আহি পৰিছে। আমাৰ আটাইৰে জ্ঞাত যে মোবাইলটো যেনেদৰে বহু উপকাৰী ঠিক তেনেদৰে বহু অপকাৰী বস্তুৰো ভাণ্ডাৰ। ফুলকুমলীয়া শিক্ষাৰ্থীসকলে এই ভাল-বেয়াৰ পাৰ্থক্য বুজিবলৈ অক্ষম হোৱাৰ ফলত বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এইবোৰে শিশু এটাৰ মানসিকতাত নেতিবাচক প্ৰভাৱ পেলাব। অত্যধিক মোবাইলৰ ব্যৱহাৰে শাৰীৰিক-মানসিক বিসংগতিৰ যে সৃষ্টি কৰে সেয়া বিশেষজ্ঞসকলে ইতিমধ্যে সঁকিয়াই দিছে। চকুৰ সমস্যা, মূৰ কামোৰণি আদি শাৰীৰিক সমস্যাৰ লগতে অন্যমনস্কতা, জ্যেষ্ঠজনৰ প্ৰতি সৌজন্যবোধৰ অভাৱ আদি বদ অভ্যাসেও গা কৰি উঠে। কিন্তু বৰ্তমান এনেদৰে শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ বিকল্পও নাই। সেয়ে অভিভাৱকসকলে সম্পূৰ্ণকৈ সন্তানক মোবাইলটো এৰি নিদি নিজেও নিৰীক্ষণ কৰি থাকক। পঢ়াৰ অচিলা লৈ যাতে মোবাইলটোত অদৰকাৰী বা ক্ষতিকাৰক দিশৰ প্ৰতি আকৰ্ষিত হ’ব নোৱাৰে সেয়া নিশ্চিত কৰক। পঢ়াৰ ক্ষেত্ৰতেই হওঁক একেৰাহে যাতে বহু বেছি সময়লৈ মোবাইলত ব্যস্ত হৈ নাথাকে তাৰ প্ৰতিও ধ্যান দিয়ক। এই দিশত সজাগ আৰু সতৰ্ক নহ’লে বহুজনৰে ক্ষেত্ৰত ই যে হিতে বিপৰীতহে হ’ব সেয়া ধুৰূপ।