‘অসমৰ জাতীয় জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়াই নিজৰ চিন্তা-চৰ্চাৰে জাতিটোক আৱৰি-সামৰি ৰাখিব খোজা ডঃ নগেন শইকীয়াৰ দৰে ঋষজ ব্যক্তিক মানুহ হত্যাৰ নীচক কাৰবাৰৰ সৈতে দীৰ্ঘকাল জড়িত হৈ থকা পৰেশ বৰুৱাৰ ক্ষমা খুজিবলৈ দাবী জনোৱাৰ কোনো অধিকাৰ নাই।’ মঙ্গলবাৰে গধূলি সামাজিক মাধ্যমৰ ‘Anuprerona-অনুপ্ৰেৰণা’ পৃষ্ঠাত ‘অসম ইতিহাসৰ নৱনিৰ্মাণ আৰু নৱপ্ৰজন্মৰ দায়বদ্ধতা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি এই মন্তব্য আগবঢ়ায় বিশিষ্ট গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই। কাছাৰক অসমৰ পৰা পৃথক কৰি দিয়াৰ দাবী ব্ৰিটিছশাসনৰে সময়ৰে পৰা চলি অহা বুলি উল্লেখ কৰি বিশিষ্ট গৱেষকগৰাকীয়ে কয় : ‘কাছাৰ জিলাক অসমৰ পৰা পৃথক কৰিবলৈ দাবী জনোৱা ব্যক্তি ডঃ নগেন শইকীয়াই প্ৰথম নহয়। কাছাৰক বঙ্গৰে চামিল কৰিবলৈ দাবী উত্থাপিত হৈছিল ১৯৩১ খ্ৰীষ্টাব্দতে । আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ দৰে বাঙালী বুদ্ধিজীৱী এই দাবীৰ পক্ষত আছিল । আনকি, সুভাষ চন্দ্ৰ বসুৱে বাংলা ভাষা-ভাষী থকা সকলো অঞ্চল বঙ্গৰ চামিল হ’ব লাগে বুলি মত দিছিল । ১৯৬০ চনত শিলচৰত অনুষ্ঠিত যোগী সন্মিলনে বাংলা ভাষাক অসমীয়াৰে সমমৰ্যাদা দিয়াৰ দাবী তুলিছিল । যিখন যোগী সন্মিলনত এই দাবী উঠিছিল__ সেই সন্মিলনখনত সভাপতিত্ব কৰিছিল ঐতিহাসিক-প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথে।’ ডঃ বৰুৱাই অসম ভূখণ্ডত বাঙালীৰ প্ৰথম বসতি ত্ৰয়োদশ শতিকাত___ ১২৫৭-১২৭৯ খ্ৰীষ্টাব্দমানৰ পৰাই আৰম্ভ হোৱা বুলি উল্লেখ কৰি কয় : ‘বাঙালী সকল ব্ৰিটিছ শাসনতে নহয়, তাৰ পূৰ্বে বঙ্গৰ শাসক তুঘ্ৰিল খাঁৰ লগত ত্ৰিপুৰাৰ শাসক ৰত্নফাৰ মিত্ৰতা হোৱা সূত্ৰে ৪ হাজাৰ সেনা সহ ১০ হাজাৰ টা বাঙালী পৰিয়াল প্ৰাচীন অসমৰ কাছাৰত সংস্থাপিত হৈছিল । তাৰ পৰাই সম্প্ৰসাৰিত হৈ বৰ্তমানে লামডিং, হোজাই, লংকা আদি নামেৰে পৰিচিত অঞ্চলত বাঙালীৰ বসতি আৰম্ভ হৈছিল । বৰাক নদীৰ পাৰলৈকে এছোৱা সেই সময়ত ত্ৰিপুৰা ৰাজ্যৰ শাসন চলিছিল ।’ বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয় বুলি চৰ্চিত বিষয়ৰ আঁত ধৰি বিশিষ্ট গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় : ‘বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয় বুলি কোৱাৰ আঁৰত আছে ৰাজনৈতিক পক্ষপাতদুষ্টতা । পুৰাণ সমূহত বহু ঐতিহাসিক তথ্য-সূত্ৰ নিহিত থাকে । জনশ্ৰুতি সমূহেও ইতিহাসৰ কথাকে কয় । তাক কেৱল বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পখালি লৈ সময় আৰু ঐতিহাসিক প্ৰেক্ষাপটৰে মিলাই চাব লাগিব । বাঘ হাজৰিকা নামেৰে পৰিচিত হোৱা ইছমাইল ছিদ্দিকি নিশ্চিতভাৱে ফুকন বা বৰফুকন পৰ্যায়ৰ সামৰিক বিষয়া নাছিল । কিন্তু একাধিক হাজৰিকাই যে ৰামসিংহৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনক সহযোগ কৰিছিল তাক আমি নুই কৰিব নোৱাৰোঁ । নৌ যুদ্ধৰ সময়ত পলায়ণ কৰা সকলক নৰা হাজৰিকাই তাচ্ছিল্য কৰি পুনৰ যুদ্ধৰ বাবে উৎসাহিত কৰাৰ সাক্ষ্য পুৰণি বুৰঞ্জীয়ে দিয়ে। সূৰ্যকুমাৰ ভূঞাই বাঘ হাজৰিকাক স্বৰ্গদেউ ৰাজেশ্বৰসিংহ গ্ৰন্থত স্থান দিছে । সূৰ্যকুমাৰ ভূঞাৰ দৰে ঐতিহাসিকে বিচাৰ-বিশ্লেষণ আৰু তথ্য-সূত্ৰৰ পৰীক্ষা নকৰাকৈ বিষয়টো উপস্থাপন নিশ্চিতভাৱে কৰা নাছিল । কেৱল মুছলমান হ’ল বুলিয়েই অসম-অসমীয়াৰ পক্ষত অৱস্থান কৰিব নোৱাৰিব, তেনে কথা হ’ব নোৱাৰে । মীৰজুমলাৰে যোগাযোগ ৰক্ষা কৰা চক্ৰধ্বজ সিংহৰ বিশ্বাসী বিষয়া মনথিৰ ভৰালী বৰুৱা বেজদলৈ, বাদুলী ফুকন, জগতৰাম ডেকা কিম্বা মান সেনাক আনি অসম-অসমীয়াক বন্ধা অতিথি কৰা বদনচন্দ্ৰ বৰফুকন কিন্তু মুছলমান নাছিল।’ ৰাজনৈতিক পক্ষপতাদুষ্টতাই বুৰঞ্জীক বিকৃতই নকৰে জাতিগ্ৰন্থন প্ৰক্ৰিয়াৰো সৰ্বনাশ মাতি আনে বুলি উল্লেখ কৰি ডঃ বৰুৱাই পুনৰ কয় : ‘ইতিহাস সদায়ে ধৰ্মীয়-সাম্প্ৰদায়িক সংকীৰ্ণতাৰ পৰা মুক্ত হোৱা উচিত । সামাজিক মাধ্যমত ইতিহাস-চৰ্চা কৰোঁতে প্ৰত্যেকেই সাৱধান হোৱা দৰকাৰ। ই অতি স্পৰ্শকাতৰ আৰু সংবেদনশীল বিষয় । কিয়নো, ইতিহাস স্বতঃস্ফূৰ্তভাৱে নিৰ্মিত হয় । ঐতিহাসিকে তাত কেৱল পোহৰহে পেলায় ।’ এঘণ্টা জোৰা বক্তৃতাত শঙ্কৰদেৱক ইতিহাসৰ অঙ্গীভূত কৰি লোৱা হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি শঙ্কৰদেৱৰ জীৱনকালৰে ভাৰত ইতিহাসৰ লগত সম্পৃক্ত হৈ থকা বিষয় সম্পৰ্কে যুক্তি আৰু তথ্য সহকাৰে ব্যাখ্যা আগবঢ়াই মহাপুৰুষগৰাকীৰ জীৱনকালৰ বহু বিষয় ভুলভাৱে উপস্থাপিত হোৱা বুলিও মত আগবঢ়ায় । ডঃ মাধুৰ্যমণ্ডিত বৰুৱাই চৰিত পুথিৰ উল্লিখনক বুৰঞ্জীৰে তুলনা কৰি বহু কেইটা বিষয় বক্তৃতাৰ মাজত তুলি ধৰে । ‘Anuprerona-অনুপ্ৰেৰণা’ পৃষ্ঠাৰ পৰিচালক অপূৰ্ব নাথে আঁত ধৰা বক্তৃতানুষ্ঠানটোত বিশিষ্ট গৱেষক গৰাকীকে নতুন প্ৰজন্মক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে যুক্তিবাদৰ আধাৰত ইতিহাসৰ নৱনিৰ্মাণৰ হকে নিয়োজিত হ’বলৈ আহ্বান জনায় । ইয়াৰ বাবে সত্যবাদিতা, শুভচিন্তা আৰু উপকাৰৰ মনোভাব প্ৰত্যেকৰে মাজত গঢ়ি তুলিবলৈকো অনুৰোধ জনায়