Breaking

এংগেজমেণ্টত মনীষ মালহোত্ৰাই ডিজাইন কৰা লেহেংগা পিন্ধিব পৰিনীতি চোপ্ৰাই। কইনাৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা আহি উপস্থিত দিল্লী বিমানবন্দৰত। পোহৰলৈ আহিছে বহুকেইখন ফটো…

0 69


প্ৰিয়ংকা চোপ্ৰাৰ ভগ্নী অভিনেত্ৰী পৰিনীতি চোপ্ৰাই আজি ৰাঘৱ চাধাৰৰ সৈতে এংগেজমেণ্ট কৰিব। ইতিমধ্যে জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা চোপ্ৰাও পৰিনীতিৰ এংগেজমেণ্টত অংশ ল’বলৈ দিল্লী বিমানবন্দৰত উপস্থিত। দীৰ্ঘদিন ধৰি ৰাঘৱ চাদ্ধা আৰু পৰিনীতি চোপ্ৰাৰ নাম জড়িত হৈ আছে আৰু এই দম্পতী বহুবাৰ একেলগে দেখা গৈছে। বলীউডৰ ‘দেশী গাৰ্ল’ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাইও এই এংগেজমেণ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এতিয়া দিল্লী বিমানবন্দৰত দেখা গৈছে অভিনেত্ৰীগৰাকীক। এই ফটোবোৰৰ পৰাই গম পোৱা যায় যে অভিনেত্ৰীগৰাকী আহিছে ভনীয়েকৰ এংগেজমেণ্টৰ বাবে।

আজি পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰৰ এংগেজমেণ্ট হ’ব নতুন দিল্লীৰ কাপুৰথালা হাউচত, বহু প্ৰস্তুতি চলি আছে। কোৱা হৈছে যে পৰিনীতি চোপ্ৰাই এংগেজমেণ্টৰ বাবে মনীষ মালহোত্ৰাই ডিজাইন কৰা লেহেংগা পিন্ধিব আৰু ৰাঘৱ চাধাৰৰ আউটফিট ডিজাইনাৰ আৰু তেওঁৰ মাতৃৰ ককাক পৱন সচদেৱে ডিজাইন কৰিছে। দুয়োজনে পিন্ধিছে মেচিং, হাতীদাঁতৰ ৰঙৰ কাপোৰ।

Leave A Reply

Your email address will not be published.