Breaking

কেনিয়াত জ্বলাই দিলে সংসদ ভৱনৰ এটা অংশ

0 11

কেনিয়াত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে আক্ৰমণ কৰিলে সংসদ ভৱনত । অকল
সেয়াই নহয় সংসদ ভৱনৰ এটা অংশ জ্বলাই দিলে । উল্লেখ্য যে দেশখনৰ অত্যাধিক মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ দৰে সমস্যাত বিধ্বস্ত দেশৰ নাগৰিকৰ ওপৰত আকৌ চৰকাৰে নতুন নতুন কৰ জাপিছে । ইয়াকে লৈ চৰকাৰৰ এনে জনবিৰোধী স্থিতিত ক্ষোভিত হৈ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে সংসদ ভৱনত আক্ৰমণ কৰি সংসদ ভৱনৰ এটা অংশ জ্বলাই দিয়ে।

নানান সমস্যাৰে ভাৰাক্ৰান্ত জনতাৰ ওপৰত আনকি জীয়াই থাকিবলৈ খোৱা ৰুটিৰ ওপৰতো ১৬ শতাংশ দেশখনৰ শাসকীয় চৰকাৰে জাপি দিছিল কৰৰ বোজা। ক্ষোভত আক্ৰমণ কৰা সংসদ ভৱনত আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৱাটাৰ কেননৰ সৈতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে যদিও তাৰ পিছতো প্ৰতিবাদকাৰীসকল ছত্ৰভংগ নিদিয়াত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। গুলী চালনাত ৫ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে । আহতৰ কোনো সীমা, সংখ্যা নাই।ইপিনে কেনিয়াৰ সকলো ভাৰতীয়কে সৰ্বোচ্চ সতৰ্কতা অবলম্বন কৰাৰ, অপ্ৰয়োজনীয় যাতায়ত নকৰাৰ লগতে
পৰিস্থিতি ঠিক নোহোৱালৈ বিক্ষোভৰ কেন্দ্ৰস্থলীসমূহ এৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায় বুলি ভাৰতীয় দূতাবাসে এক্সত প্ৰকাশ কৰে ।

Leave A Reply