সংসদত কৃষি আইন বাতিলৰ দাবীত মুকালমুৱাত প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আজি কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিলৰ দাবীত বৰক্ষেত্ৰীৰ কে’বাটাও সংগঠনে মুকালমুৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷  এছ.এফ.আই বৰক্ষেত্ৰী আঞ্চলিক সমিতি, চিটু বৰক্ষেত্ৰী, নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতি আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাত যৌথভাৱে প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ দুই শতাধিক প্ৰতিবাদকাৰীয়ে কৃষক বিৰোধী তিনিখন কৃষি আইন সংসদত বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিল কৰক, বিজেপি চৰকাৰ হায়-হায়, মোডী চৰকাৰ হায়-হায়, অমিত শ্বাহ হায়-হায় ইত্যাদি বিভিন্ন ধ্বনিৰে সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা বৰক্ষেত্ৰী মহাবিদ্যালয় পথচোৱাৰে নাৰায়নপুৰ-বৰলিয়াপাৰ হৈ মুকালমুৱা চ’ক বজাৰলৈ বিভিন্ন শ্লোগান প্ৰদান কৰি পথচোৱা উত্তাল কৰি তোলে ৷ কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক ভুৱনেশ্বৰ বৰ্মন, সভাপতি হবিবৰ আলী, এছ এফ আইৰ ৰাজ্যিক সমিতিৰ সদস্য গাজিউৰ ৰহমান চৌধুৰী, চিটু নলবাৰী জিলা সমিতিৰ সদস্য জয়নাল আলী আহমেদে, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক নুৰ হুছেইন আলীসহ দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

Related Articles