হাজাৰোধিক শিশুৰ কল-কলনিত মুখৰিত সাহিত্য সভাৰ পাঠশালা অধিৱেশন।Sahitya Sabha

১ ফেব্ৰুৱাৰী,২০২৫ঃ ।Sahitya Sabha । অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনঃ বজালী ২০২৫ৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুসৰি আজি হাজাৰোধিক শিশুৰ কল-কলনিত কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সফল ৰূপায়ণ হয় । অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথে আঁত ধৰা ‘কেন্দ্ৰীয় কুঁহি অনুষ্ঠান’ৰ সঞ্চালনা কৰে কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ তৰালী কলিতাই ।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাচকবনীয়া শিশু-চেমনীয়া শিল্পী-সাহিত্যিকৰ গীত-নৃত্য আৰু কথা কবিতাৰে জীপাল হোৱা অনুষ্ঠানৰ উদ্বোধন কৰে পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতাই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই প্ৰাচীৰ পত্ৰিকা আৰু কুঁহি উপসমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁয়ে শিশু আলোচনী ‘কুঁহি’ উন্মোচন কৰা সভাখনত অসম সাহিত্য সভাৰ তৰফৰ পৰা সহকাৰী সম্পাদক বিপুল শৰ্মা বৰুৱা, ধনভৰালী মিহিৰ কুমাৰ বৰুৱা, সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অজয় সিং, প্ৰজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, ভূমিধৰ ৰয়, অশ্বিনী কুমাৰ নাথ, প্ৰফুল্ল বৰুৱা, অনুপ্ৰভা দেৱী, আদৰণী সমিতিৰ যুটীয়া সম্পাদক অতুল কলিতা প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Related Articles