পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস

আজি পাঠশালাৰ আগশাৰীৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস ক’ভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ এই উপলক্ষে পুৱা মূল অনুষ্ঠান পাঠশালা শিক্ষাপীঠ আৰু পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে ক্ৰমে পাঠশালা শিক্ষাপীঠৰ প্ৰতিষ্ঠাপক সভাপতি মনোমোহন শৰ্মা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিয়ে৷ ইয়াৰ পিছতে শিক্ষক প্ৰাণজিৎ দাস আৰু শিক্ষয়িত্ৰী ৰঞ্জিতা তালুকদাৰৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত আৰ্শীবাদ বিচাৰে৷

বিদ্যালয়ৰ শিক্ষক নন্দ দুলাল চৌধুৰীয়ে সঞ্চালন কৰা অনুষ্ঠানটিত বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি ভাষণ আগবঢ়ায়৷ ইয়াৰ পিছতে বৰবাং [খান্দোপাৰা] গাঁৱৰ ভকতবৃন্দৰ দ্বাৰা অনুষ্ঠিত নাম-কীৰ্তন অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে জনতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনোৰঞ্জন গোস্বামীয়ে৷ সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠানটি বুনিয়াদী শাখাৰ প্ৰধান শিক্ষক প্ৰবীৰ কুমাৰ দেৱ শৰ্মাৰ উদ্বোধনেৰে সামৰণি পৰে৷ অনুষ্ঠানত শিক্ষক নন্দ দুলাল চৌধুৰীয়ে শিক্ষাৰ্থীক উৰি থকা পতাকাৰ তলত প্ৰকৃত মানৱ সম্পদ হবৰ বাবে সংকল্প লবলৈ আহ্বান জনায়।

Related Articles