আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…

GMCHত আজি পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক থানেশ্বৰ বড়োয়ে।

আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়লৈ প্ৰবীণ জাতীয়তাবাদী নেতা, অগপৰ প্ৰাক্তন সভাপতিগৰাকীৰ নশ্বৰদেহ অন্তিমবাৰৰ বাবে নিয়া হয়।

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলীয় সতীৰ্থসকলে দলৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তনমন্ত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য।অসম বিধানসভাৰ চৌহদলৈও নিয়া হ’ব থানেশ্বৰ বড়োৰ নশ্বৰদেহ।

Related Articles