Breaking

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৫,৭০০ কোটি টকাৰ সম্পত্তিৰে আটাইতকৈ ধনী প্ৰাৰ্থী পেম্মাছানি…

0 30

২০২৪ চনৰ লোকসভা নিৰ্বাচনত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আজি। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ১০ খন ৰাজ্যৰ ৯৬ খন আসনৰ বাবে ভোট দান কৰা হ’ব। এই পৰ্যায়ত, মুঠ১,৭১৭ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। অন্ধ্ৰ প্ৰদেশৰ এজন প্ৰাৰ্থী তেওঁলোকৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাবে বিবেচিত হৈছে। তেওঁ হৈছে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ লোকসভা সমষ্টিৰ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰাৰ্থী চন্দ্ৰশেখৰ পেম্মাছানী। পেম্মাছানীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০০ কোটি টকা, যাৰ ভিতৰত আছে ৫৫৯৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১০৬ কোটি টকাৰ স্থাৱৰ সম্পত্তি।
পেম্মাছানীয়ে পোন্নুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম ভেঙ্কটেশ্বৰলুৰ জোঁৱায়েক ভেঙ্কটেশ ৰোৱাছায়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া পেম্মাছানিৰ প্ৰথম নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত গুন্টুৰ লোকসভা আসনৰ বাবে ভোটগ্ৰহণ আজি অনুষ্ঠিত হ’ব।


পেম্মাছানীয়ে তেওঁৰ সামাজিক মাধ্যমত নিজকে এজন ৰাজনীতিবিদ, চিকিৎসক, উদ্যোগী আৰু সমাজকৰ্মী হিচাপে চিনাকি দিছে। ৪৮ বছৰীয়া পেম্মাছানি অনলাইন লাৰ্ণিং প্লেটফৰ্ম ইউৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক। তেওঁ এজন চিকিৎসা আৰু তেওঁ ১৯৯৯ চনত বিজয়ৱাড়াৰ এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ ২০০৫ চনত পেনচিলভেনিয়াৰ ডেনভিলৰ গেইচিংগাৰ চিকিৎসা কেন্দ্ৰৰ পৰা ইণ্টাৰনেল মেডিচিন বিষয়ত এমডি লাভ কৰিছিল। পেম্মাছানীয়ে মাইক্ৰছফ্ট, কোকা-কোলা, উবেৰ টেকন’লজিছ আৰু এপলকে ধৰি ১০০ ৰো অধিক আমেৰিকান কোম্পানীত বিনিয়োগ কৰিছে বুলি বিভিন্ন মাধ্যমে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.