Breaking

বিদ্যুৎ মাচুল বৃদ্ধিত অতিষ্ঠ ৰাইজ তথা ছাত্ৰ ছাত্ৰী ! বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মৰিগাঁও মূল চাৰিআালিত তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা আছুৰ…

0 25

অনিয়মীয়া বিদুৎ যোগান, স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধিত অতিষ্ঠ ৰাইজ তথা ছাত্ৰ ছাত্ৰী ।।
বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মৰিগাঁও মূল চাৰিআালিত তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা আছুৰ ‌।।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও জিলা আছুৱে স্মাৰ্ট মিটাৰৰ আতিশয্য, আৰু অসম চৰকাৰৰ শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা আৰু প্ৰয়োজনীয় বিদুৎ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যেতি চৌধুৰী নেতৃত্বত প্ৰায় দুই শতাধিক ছাত্ৰকৰ্মীয়ে মৰিগাঁও মূল চাৰিআলিত অকমৰ্ণ্য শক্তি বিভাগৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰ শক্তি বিভাগ কাম নাই,বিদ্যুতৰ মাচুল হ্ৰাস কৰক, স্মাৰ্ট মিটাৰৰ আতিশয্য মানি লোৱা নহব, বিদ্যুতৰ সঘন লুকা ভাকু বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাৱল কৰি তোলে ৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰ্বাচনৰ সময়ত ২৪ ঘণ্টাই বিদ্যুতৰ যোগান ধৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হল,উৎকট গৰমত বিদ্যুতৰ সহন আহ যাহত ৰাইজ অতিষ্ঠ হৈ পৰিছে, দিনটোৰ দুই তিনিঘণ্টাহে কাৰেণ্ট থাকে, তাকো ভলটেজ একেবাৰে কম, প্ৰখৰ গৰমত ছাত্ৰছাত্ৰী পঢ়িব নোৱাৰা অৱস্থা, বিদ্যুৎ বিভাগ আছে নে নাই এতিয়া ৰাইজে প্ৰশ্ন কৰিছে ৷ এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিহ দিয়ে সচা কিন্তু পিছত কৰ্মত ৰূপায়ণ নকৰে ৷ স্মাৰ্ট মিটাৰৰ জৰিয়তে আতিশয্য চলাব জনা চৰকাৰ খনে কেৱল আচনি ঘোষণা কৰাত হে ব্যস্ত থাকে ৷


অন্যহাতে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ কয় যে এফালে বিদ্যুতৰ নাটনি আনফালে আকাশলংঘী বিদ্যুতৰ মাচুলে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে, এতিয়া আকৌ স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ চলোৱাহে আৰম্ভ কৰিছে এই খন বিজেপিৰ চৰকাৰে ৷ চৰকাৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিব লাগে আৰু জনসাধাৰণ তথা ছাত্ৰছাত্ৰীক সকাহ দিব লাগে। কিন্তু তেনে সময়তে শক্তি বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ৰাইজ আচৰিত হৈছে আৰু চৰকাৰ আছেনে নাই ৰাইজে ভাবিবলৈ বাধ্য হৈছে ৷ তেখেতৰ দাবী অতিশীঘ্ৰ চৰকাৰে বিদ্যুৎ যোগান নিয়মীয়া কৰক আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰি স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰক অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হম ৷৷আজিৰ কাৰ্য্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অংকুৰ ডেকা, সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মন আদি ছাত্ৰ কৰ্মী সকল উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.