Breaking

বঙাইগাঁৱৰ কোকিলাত বন্ধন বেংকৰ কিস্তি সংগ্ৰহ কৰিবলৈ অহা কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে ৰাইজে

0 1,108

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা ২য় খণ্ডত বন্ধন বেংকৰ কিস্তি সংগ্ৰহ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়। বৰপেটা জিলাৰ বালাগাওস্তিত বন্ধন বেংকৰ কৰ্মচাৰীয়ে কোকিলা ২য় খণ্ডত কিস্তি সংগ্ৰহ কৰিবলৈ আহে আৰু কেইবা গৰাকী মহিলাৰ পৰা ৪,৫০০ টকা সংগ্ৰহ কৰে। স্হানীয় একাংশ যুৱকে প্ৰথমে এজন কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে যদিওঁ পিছলৈ তাত আৰু চাৰিজন কৰ্মচাৰী উপস্থিত হয়। পিছত চাৰিজন কৰ্মচাৰীক নানা ধৰনৰ প্ৰশ্ন সোধে আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিস্তি ৰ ধন সংগ্ৰহক লৈ হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ কথা কোৱাটো কয়। কিন্তু কৰ্মচাৰীজনে কোনো কথা মানি নলৈ বাৰে বাৰে কিস্তিৰ ধন দিবলৈ কয়।

তেতিয়া স্হানীয় লোকে উত্তেজিত হৈ পৰে। উত্তেজিত হৈ কনক বৰ্মন (শাখা পৰিচালক) আৰু শান্তনু ভৰালী সহ চাৰিজনক আৱদ্ধ কৰি ৰাখে। পিছত সাংবাদিকৰ দল উপস্থিত হৈ শান্তনু ভৰালীৰ পৰা মন্তব্য বিচাৰে যদিও মন্তব্য নিদি ল’গ’ হাতেৰে ঠেলি দিয়ে।চৰকাৰৰ মন্ত্ৰীৰ নিৰ্দেশৰ পৰিৱৰ্ত্তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কিস্তিৰ ধন দিবলৈ কোৱা বুলি আজৱ মন্তব্য দিয়ে।

Leave A Reply

Your email address will not be published.