Breaking

সোনডোৱাত নিৰ্মাণ কাৰ্য বন্ধ থকা মথাউৰি নিৰ্মাণৰ বাবে ওলাই আহিল ৰাইজ।

0 61

মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সোনডোবাত আজি মথাউৰি নিৰ্মাণ কাৰ্যত সহযোগ কৰিবলৈ ওলাই গ’ল বৃহত্তৰ গেৰুৱা অঞ্চলৰ কেবাখনো গাঁৱৰ এটি যুৱকৰ দল । ভূৰাগাঁও পশ্চিমাঞ্চলত মৰিগাঁও জলসম্পদ বিভাগৰ নিৰ্মিয়মান ১৪ কিলোমিটাৰ মথাউৰিটোৰ সোনডোৱা অঞ্চলৰ এক কিলোমিটাৰ অংশত চাৰিজনলোকে উচ্ছ ন্যায়ালয়ত মথাউৰি নিৰ্মাণৰ পূৰ্বে ক্ষতিগ্ৰস্ত ভূমিৰ ক্ষতিপূৰণ বিছাৰি তৰা এক গোচৰৰ বাবে মৰিগাঁও জিলা জলসম্পদ বিভাগে সোনডোৱাৰ সেই অংশত মথাউৰি নিৰ্মাণৰ কাম বন্ধ ৰাখিছিল উচ্ছ ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই।

কিন্তু বাৰিষাৰ আগতে সেই স্হানত মথাউৰীটো নিৰ্মাণ হৈ নুঠিলে আতাইতকৈ বেছি ক্ষতিগ্ৰস্ত হব বৃহত্তৰ গেৰুৱা অঞ্চলৰ বহু কেইখন গাঁৱৰ হাজাৰ হাজাৰ লোকৰ লগতে মৰিগাঁও জিলাৰ বৃহত্তৰ অঞ্চল। সেইবাবে বৃহত্তৰ গেৰুৱা অঞ্চলৰ গেৰুৱা, জামুগুৰি, জামাদাৰী, আফুখুণ্ডা, বানমুৰী, হাটিমুৰীয়া, তিনিচুকীয়া, নিজ চহৰীয়া, শালমৰাকে ধৰি ভূৰাগাঁৱৰ পশ্চিম – দক্ষিন অঞ্চলৰ বহুকেইখন গাঁৱৰ একাংশ সদস্যই আলোচনা কৰি ঠিকাদাৰে মথাউৰি নিৰ্মাণ নকৰিলে ৰাইজেই মথাউৰী নিৰ্মাণ কাৰ্য চলোৱা সিদ্ধান্ত লয়।

সেই সিদ্ধান্ত মৰ্মে কালি ৰজাবড়ী গাঁৱৰ বিদ্যা কোঁৱৰৰ নেতৃত্বত যোৱা এটি যুৱকৰ দলে পুৱা ভাগতে অৰ্ধশতাধিক ট্ৰেক্টৰ লৈ মথাউৰি নিৰ্মান কাৰ্য আৰম্ভ কৰিবলৈ অগ্ৰসৰ হয়। বিষয়টো অৱগত হোৱাৰ পাছত স্হানীয় আৰক্ষী প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীও সেই স্হানত উপস্হিত হয়। এনেদৰে বিবাদমান অংশটোত মথাউৰী নিৰ্মাণ কাৰ্য ৰাইজে আৰম্ভ কৰাত একাংশ পট্ৰাদাৰে প্ৰতিবাদ কৰি মথাউৰী নিৰ্মাণ কাৰ্যত বাধা দিবলৈ আহে যদিও ভূৰাগাঁও আৰক্ষীৰ হস্তক্ষেপত পৰিস্হিতি শান্ত হয়।

Leave A Reply

Your email address will not be published.