Breaking

দক্ষিণ কামৰূপৰ আমবাৰী আঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ,খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰি নিশা পাৰ কৰিছে ৰাইজে

0 2,128

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামুৰীয়া বৃহত্তৰ গুমি আমবাৰী মৌলাটাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ কৰিছে ৰাইজে। কেইবাদিনোধৰি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু প্ৰৱল সোঁতে তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে অঞ্চলটো। সমগ্ৰ দক্ষিণ কামৰূপত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা মহাবাহুই খহনীয়াৰ সৃষ্টি কৰি তিনি কুৰিতকৈও অধিক গাঁও নিজৰ বুকুত সামৰি লৈছে।নৈৰ বুকুত বিলীন হৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি। ৰজাঘৰীয়াই সময়ে সময়ে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বিষয়া ঠিকাদাৰৰ দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ পৰিণতিত আঁচনি সমূহৰ সফল ৰূপায়ণ নোহোৱাৰ বাবেই ইয়াৰ কুফল সৰ্বদা ভোগ কৰিব লগা হৈছে অঞ্চলবাসী ৰাইজে। এইবাৰো নৈপৰীয়া গুমি আমবাৰীৰ মৌলাটাৰীবাসীয়ে পাৰ কৰিছে আতংকগ্ৰস্ত প্ৰতিটো মূহুৰ্ত। কালি গোটেই নিশা উজাগৰে কটাইছে গাঁও দুখনৰ অধিকাংশ লোকে। উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ উক্ত গুমি আমবাৰী এলেকাত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া চলি আছে৷ ইতিমধ্যে গৰাখহনীয়াই পলাশবাৰী গুমি মথাউৰি স্পৰ্শ কৰিছে। কেইবাদিনো ধৰি অঞ্চলটোত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে ৷ যাৰ ফলত এতিয়া যিকোনো মূহুৰ্তত পলাশবাৰী গুমি মথাউৰিৰ উক্ত অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে। তীব্ৰ গতিত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। যদি উক্ত অঞ্চলটো গৰাখহনীয়াত জাহ যায় তেন্ত ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ যথেষ্ট ক্ষতি হ’ব ৷ উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষত উক্ত অঞ্চলত গৰাখহনীয়া চলি থকা সময়ত তেতিয়াৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিদৰ্শন কৰি অতিশীঘ্ৰে তাত গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল ৷ ইয়াৰ বাবে প্ৰথম অৱস্থাত ৫ কোটি টকাৰ অনুমোদন দিয়া।হ’ব বুলিও বুলিও ৰাইজক অৱগত কৰিছিল। ঠিক তেনেদৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও বিগত বৰ্ষত উক্ত গৰাখহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীৰ দৰে ৰাইজৰ আগত একেখিনি কথাকে আওৰাইছিল। কিন্তু কাৰ্যত বিগত খৰালিৰ সময়ছোৱাত উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ একো কামকেই আৰম্ভ নহ’ল। শেহতীয়াকৈ এইবছৰো উক্ত অঞ্চলটোত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে যদিও এই ক্ষেত্ৰত বিভাগৰ কোনো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বাৰিষা আহিলেহে গৰাখহনীয়াৰ কাম কৰা বুলি এটা সুনাম থকা জলসম্পদ বিভাগে সম্প্ৰতি তাত পাৰ্কুপাইন আৰু জিঅ’ বেগৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে যদিও সম্প্ৰতি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিঅ’ বেগৰ কাম কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে ৷ আনহাতে ৫ কোটিৰ সলনি ৩ কোটি টকাহে বিভাগীয়ভাৱে কিছুদিন পূৰ্বে মুকলি কৰি দিছে যদিও কামৰ ঠিকাৰ আবণ্টন লাভ কৰা বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বাবে উক্ত অঞ্চলটোত এতিয়ালৈকে কামেই আৰম্ভ হোৱা নাই। কেৱল সেয়াই নহয় কামৰ ঠিকা লাভ কৰা বিভাগীয় ঠিকাদাৰে গৰাখহনীয়াস্থলীলৈ কোনোদিনে নহাকৈ পলাশবাৰী সমষ্টিৰ ফটুৰীৰ আলী নামৰ এজন উপ ঠিকাদাৰক উপ ঠিকা দি তেওঁৰ দ্বাৰাই গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিব বুলি জানিবপৰা হৈছে। আনহাতে উপ ঠিকাদাৰ গৰাকীয়ে গুমিৰ দুজন দালালক লৈ কাম কৰাৰ বাবে যো-জা চলোৱা বুলি অভিযোগ তুলি  নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিব বুলি স্থানীয় লোকে অভিযোগ কৰিছে। স্থানীয় লোকে গুমি আমবাৰীৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি ক্ষিপ্ৰতাৰে কৰাৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ আনহাতে প্ৰকৃত ঠিকাদাৰে উপ ঠিকাদাৰ নিয়োগ কৰি তথা উপ ঠিকাদাৰে দালালৰ জৰিয়তে কাম কৰি নিম্নমানৰ কাম কৰাটোও বন্ধ কৰাৰ বাবে জলসম্পদ বিভাগৰ পলাশবাৰী গুমি প্ৰকল্পৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷ আনহাতে স্থানীয় বিধায়কৰ লগতে জলসম্পদ মন্ত্ৰী পিষুষ হাজৰিকাক গুমি আমবাৰীৰ এই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কাম খৰতকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈও স্থানীয় ৰাইজে দুয়োগৰাকীকে অনুৰোধ জনাইছে ৷ আনহাতে এনেদৰে অঞ্চলটোত খহনীয়া অব্যাহত থাকিলে অচিৰেই অঞ্চলটোৰ মথাউৰি অংশ নৈৰ বুকুত বিলীন হ’ব। নৈৰ জলপৃষ্ঠ বৃদ্ধি হ’লে পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ শতাধিক গাঁও প্লাৱিত হ’ব।

Leave A Reply

Your email address will not be published.