Breaking

বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ

0 2,031

আজি বিহালী সমষ্টিৰ অন্তর্গত কাজিৰঙা ষষ্ঠ-সংযোজনাৰ পৰা উলাই অহা বাঘে ৰাংছালী গাৱঁৰ তলতে থকা চাপৰিত চৰি থকা তিনিটা গৰু আক্ৰমণ কৰি নিধন কৰে । বিহালী সমষ্টিত এনেদৰে বিভিন্ন সময়ত গৰু নিধন কৰি দুখীয়া লোকৰ অবাধ ক্ষতি সাধন কৰি আহিছে । উল্লখ্যযে ব্ৰহ্মপুত্ৰৰ গড়া  খহনীয়াই গড়া খহাই সহাই  ৰাংছালী গাৱঁৰ ঘৰৰ কাষলৈকে  কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তভোক্ত হল যাৰ বাবে বাঘ -হাতীয়ে এই কাষৰীয়া অঞ্চলবাসীৰ বিভিন্ন পকাৰে ক্ষতি সাধন কৰি আহিছে কিন্ত ক্ষতি পুৰণ দিয়াত বিভাগীয় কৰ্তৃপক্ষই কৃপনিলী কৰি অহা দেখা গৈছে  ।বিগত বৰ্ষত হাতীয়ে খেতিয়কৰ বিঘাই বিঘাই ধান খাই  ক্ষতি সাধন কৰিলে খেতিয়কে আবেদন কৰি আজিও ফুটা কৰি এটাও নেপালে ।গতিকে আজি  অতি দুখীয়া পৰিয়ালৰ যি তিনিটা গৰু নিধন কৰিলে অতি সোনকালে ক্ষতি পুৰণ দিবলৈ বিহালীৰ সচেতন মহলে দাবী জনাইছে । অন্যহাতে  এই  অঞ্চলত টাইগাৰ প্রজেক্ট থকাত মাজে মাজে বাঘ ওলাই আহি গাওঁ অঞ্চলত সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । তদুপৰি  দিনত বাঘে আৰু গৰু মৰা সম্ভবনা আছে  বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে । যিহেতু ৰাংছালী আদৰ্শ গাৱঁৰ  কাষতে টাইগাৰ প্ৰজেক্ট ঘোষণা কৰা হৈছে বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্রহন কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে ।

Leave A Reply

Your email address will not be published.