Breaking

অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ বাবে কৃষক ৰাইজৰ অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মূল্য বিচাৰি ৰাইজৰ প্ৰতিবাদ…

0 19

অসম মালা আচঁনিৰ পথ নিৰ্মাণৰ বাবে কৃষক ৰাইজৰ অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মুল্য বিছাৰি শুক্ৰবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ভূমিৰ গৰাকী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ গড়জুলি,ঘগৰা,চেনিমাৰী,গড়মৰা

পথাৰ,গড়মৰা বঙালী,মেধিপাম গাঁৱৰ মাজেৰে নিৰ্মাণ হবলগীয়া অসম মালা পথৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত মুল্য বিছাৰি আজি ভূমিৰ গৰাকী কৃষক ৰাইজে ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি প্ৰতিবাদকাৰী সকলে আমাৰ মাটিৰ উচিত মুল্য দিয়ক,আমাৰ খাটিখোৱা কৃষক

ৰাইজক প্ৰতাৰণা নচলিব,মাটিৰ উপযুক্ত মুল্য নাপালে আমাৰ মাটি আমি এৰি নিদিওঁ,আদি বিভিন্ন শ্ল’গান দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰিবেশ উত্তাল কৰে৷পিছলৈ গড়মৰা,পানবাৰী,চেনিমাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিকাশ চুৰিন আৰু সম্পাদক চাবিয় চৰেনৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া নয়ন পাঠকক প্ৰদান কৰে৷

Leave A Reply

Your email address will not be published.