Breaking

ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথ পকীকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ।

0 2,029

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ  এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ’কৰ পৰা পূৱ দিশেৰে জানোপাৰ ২ নং  নিমুৱা লাটিমা  হৈ চিলিং সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ পথ  স্বাধীনতা ৭৫ বছৰ পিছতো পকীকৰণ নোহোৱাত আজি দুপৰীয়া ভাগত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে। গাঁৱখনৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা এই পথছোৱা পকীকৰণ দাবীত ৰাজপথলৈ ওলাই আহি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গান দিয়ে। লগতে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইনে ভাষণ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ  পিতৃৰ গৃহ গাঁৱৰ লাটিমাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰ গাঁৱখনৰ একমাত্ৰ পথছোৱা আজি পৰ্যন্ত পকীকৰণ নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। লগতে নেতাগৰাকীয়ে কয় যে উক্ত পথছোৱা এজাক বৰষুণতে বোকা-পানী একাকাৰ হোৱা উপৰিও পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,পথচাৰী আৰু বেমাৰ -আজাৰ হোৱা ৰোগী অহা -যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ অহাৰ সমস্যা শীঘ্ৰে আঁতৰাবলৈ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে। পিছে এই ক্ষেত্রত বিধায়ক বৰুৱাই কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়হে ক’ব পাৰি। ইফালে ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকত শেহতীয়াভাৱে এম জি এন্ ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ,অনময় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে মাস্ক -ছেনিটাইজাৰ বিতৰণতো ব‍্যাপক দুৰ্নীতি-সংঘটিত হোৱা লগতে বিভিন্নখন  আঁচনিৰ কাম -কাজ পৰিচালনাত ব‍্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিয়োগ তুলিছে। ইপিনে বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ন টা গাঁও পঞ্চায়তৰ অধিকাংশতে বিগত দিনত এম জি এন্ ৰেগা, চতুৰ্দশ বিত্তীয় আয়োগৰ  আঁচনিত ব‍্যাপক খেলিমেলি হোৱাৰ উপৰিও নিৰ্মাণত নিম্নগামী কাম কৰি চৰকাৰী ধন  একাংশ পঞ্চায়ত সভাপতি,-সচিব, কনিষ্ঠ অভিযন্তা,আৰু নিৰ্মাণ সমিতিৰ সভাপতিয়ে মিলি হজম কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে অভিযোগ তুলিছে।লগতে যুৱ ছাত্ৰ পৰিষদে ইয়াকো কয় যে এই সমুহ দুৰ্নীতি -অনিয়মৰ বিৰুদ্ধে চৰকাৰ ,স্থানীয় প্ৰশাসন আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই শীঘ্ৰে ব‍্যৱস্থা গ্ৰহণ নকৰিলে, সংগঠনটোৱে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Leave A Reply

Your email address will not be published.