ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহনৰ ঘৰে ঘৰে ক’ভিড ভেকচিন লবলৈ আহ্বান ৰাইজক

পশ্চিম  নলবাৰী  অঞ্চলৰ  ধৰ্মপুৰ সমষ্টিৰ বহুকেইখন গাঁৱত সোমবাৰে  স্থানীয় বিধায়ক তথা উদ্যোগ, বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন ল’বলৈ পৰিয়ালসমূহক অনুৰোধ জনায় ৷ সমষ্টিটোৰ শোলমাৰা গাঁৱত কালি  বিয়লি উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গাঁওখনৰ বহুকেইটা ভেকচিন নোলোৱা পৰিয়ালৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিনৰ সজাগতা সৃষ্টি কৰাৰ লগতে ক’ভিড ভেকচিন নোলোৱাসকলক অতি শীঘ্ৰে ভেকচিন ল’বলৈ অনুৰোধ জনায় । ইয়াৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিতে শোলমাৰা অঞ্চলৰ কেইবাজনো ব্যক্তিয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰে । ইয়াৰ উপৰি মন্ত্ৰী পাটোৱাৰীয়ে সমষ্টিটোৰ পিপলীবাৰী আৰু চামতা মটৰষ্টেণ্ডত ক’ভিড ভেকচিনৰ সজাগতা সৃষ্টি কৰাৰ লগতে সকলো স্তৰৰ লোকক ক’ভিড ভেকচিন ল’বলৈ অনুৰোধ জনায় । ক’ভিড ভেকচিন সজাগতাৰ আজিৰ এই কাৰ্যসূচীত মন্ত্ৰী পাটোৱাৰীক সংগ দিয়ে নলবাৰীৰ জিলা উপায়ুক্ত গীতিমণী ফুকন, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়া অৰ্পনা শৰ্মা, সংলগ্ন ৰাজহ চক্র বিষয়া বেদান্ত বৰুৱা, চামতা খণ্ড প্ৰাথমিক চিকাৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মইনুল হকসহ এটি স্বাস্থ্যকৰ্মীৰ দল, স্থানীয় আশাকৰ্মীসকল, অংগনাৱাড়ী কৰ্মী, স্বাস্থ্য বিভাগৰ চেক্টৰ অফিচাৰ, পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন, চামতা জিলা পৰিষদ সদস্যা মিনাক্ষী দাস, নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, ২৩ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি অমৰজ্যোতি দাস আৰু ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মনে ৷ এইফালে সংবাদ মাধ্যমৰ ব্যক্তিৰ লগত হোৱা কথা-বতৰাত মন্ত্ৰী পাটোৱাৰীয়ে কোনো বাছ মালিকে যদি বাছভাড়া বৃদ্ধি কৰাৰ প্ৰমাণ পোৱা যায় সেইজনৰ ওপৰত বিহিত ব্যৱস্থা এনেকি অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ’ব বুলিও কয় ৷ 

Related Articles