Breaking

২০২৬ চনত অসমত ৰাইজৰ দলৰ চৰকাৰ গঠনৰ আগজাননী

0 1,025

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ উপস্থিতিত মৈৰাবাৰীত ধিং সমষ্টিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।
যুৱ নেতা, তথা ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ আৰু দলৰ অন্যান্য কৰ্মকৰ্তাক লৈ সভাখন অনুষ্ঠিত হৈ যায়।

সভা শেষ কৰি সাংবাদিক সকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কমল কুমাৰ মেধিয়ে-বিজেপি, আৰু AIUDF এই কেইটা সাম্প্ৰদায়িক দলক উফৰাই অহা ২০২৬ চনত অসমত ৰাইজৰ দলৰ চৰকাৰ গঠন হোৱাৰো আগজাননী দিয়ে।
আনহাতে ফেচবুক MLA খ্যাত ধিংৰ বিধায়ক আমিনুল ইছলামে যোৱা ১৫ টা বছৰে ধিং সমষ্টিৰ একো উন্নতি কৰা নাই বুলিও তেঁও উল্লেখ কৰে।

AIUDF বিজেপিৰ B টিম বুলিও কমল কুমাৰ মেধিয়ে উল্লেখ কৰে।

AIUDF আৰু বিজেপিক সাম্প্ৰদায়িক আখ্যা দি তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰ উদ্দীন আজমলে অসম খন অধঃপতনে নিয়াবলৈ চেষ্টা কৰি আছে।
অহা ২০২৬ চনৰ ইলেকচনত বিজেপি আৰু AIUDF’ক উৎখাত কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰিব বুলিও কমল কুমাৰ মেধিয়ে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.