Breaking

নতুন মন্ত্ৰী সভাক লৈ গোগামুখত গণশক্তিৰ সংবাদমেলঃ প্ৰতিশ্ৰুতি মতে অসমক শ্ৰেষ্ঠ ৰাজ্যৰ ৰূপ দিয়াৰ আহ্বানঃ

0 2,254

নৱ গঠিত অসম চৰকাৰৰ নতুন মন্ত্ৰী পৰিষদক লৈ উৎফুলিত হৈছে অসমৰ উপ আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি, অসমে ৷ দলটোৱে  নতুন মন্ত্ৰী সভাখনক উষ্ম আদৰণি জনোৱাৰ লগতে নতুন মন্ত্ৰী পৰিষদখনে অসমৰ সৰ্বাংগীন বিকাশত অভূতপূৰ্ব ভূমিকা পালন কৰিব পাৰিব বুলি গণশক্তিৰ ফালৰ পৰা আশা প্ৰকাশ কৰে ৷ আজি গোগামুখৰ দিৰপাইস্থিত সোৱণশিৰি ইক’ কেম্পত অনুষ্ঠিত কৰা এক সংবাদমেলত সন্মিলিত গণশক্তি, অসমৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই এইদৰে মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে কয়- নিৰ্বাচনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰত অন্তভূৰ্ক্ত কৰিব ৷ নতুন মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু তেওঁৰ নতুন মন্ত্ৰী পৰিষদখনে পালন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ বিগত নিৰ্বাচন অসমৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক গভীৰ আস্থা আৰু বিশ্বাসেৰে পুনৰ জয়যুক্ত কৰাই অসমৰ সৰ্বাংগীন বিকাশত সপক্ষত ৰায় দিছে ৷ ৰাইজৰ এই বিশ্বাস আৰু আশ্বাসক শিৰোগত কৰি মিত্ৰজোঁটৰ সংগী হিচাপে আমি গণশক্তি আগবাঢ়ি যোৱাত বদ্ধপৰিকৰ বুলি গণশক্তিৰ সভাপতি মন্তব্য আগবঢ়ায় ৷ গণশক্তি দলৰ পৰা অসমৰ নতুন মুখ্যমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে নতুন মন্ত্ৰী সভাৰ সকলো কেবিনেটলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয়- বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯-ৰ সমস্যা, বান-গৰাখহনীয়াৰ সমস্যাৰ স্থায়ীী সমস্যা, কৃষি, মৎস্য পালন, পশুপালন, বয়ন শিল্পৰ উন্নয়নৰ জৰিয়তে আত্ম সংস্হাপনৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ পুনৰ উদ্ধাৰ, উন্নত কাৰিকৰী শিক্ষাৰ মাধ্যমৰে দক্ষতা বিকাশৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধান, বহিঃ ৰাষ্ট্ৰৰ সৈতে বাণিজ্যক আদান-প্ৰদান বৃদ্ধি, ভূমি সমস্যা সমাধান, প্ৰদূষণমুক্ত অসম, বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, চৰকাৰী, শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তনৰ লগতে ভূমিপুত্ৰ সকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় ৷ সংবাদমেলত গণশক্তিৰ সাধাৰণ সম্পাদক হিৰণ্য দত্ত, সহকাৰী সম্পাদক যজ্ঞব্ৰত শৰ্মা, কেন্দ্ৰীয় সদস্য পৰমা চুতীয়া, হিৰেণ পেগু আৰু বৰদলনি আঞ্চলিকৰ সম্পাদক জ্যোতি ভৰালী উপস্থিত থাকে ৷প্ৰজ্ঞাৰ সাধক হোমেন বৰগোঁহাঞিৰ মৃত্যুত শোকঃ সংবাদমেলৰ পূৰ্বে  প্ৰজ্ঞাৰ সাধক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক হোমেন বৰগোঁহাঞিৰ মৃত্যুত সংবাদমেলত উপস্থিত গণশক্তিৰ দলীয়,কৰ্মী সদস্য আৰু সাংবাদিক সকলে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ প্ৰজ্ঞাৰ সাধক জনৰ আত্মাৰ সদ্‌গতি কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

Leave A Reply

Your email address will not be published.