Breaking

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ আহ্বন ৰাইজৰ দলৰঃ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠনৰ দাবীঃ

0 2,298

ইফালে মহামাৰী কৰ’ণাৰ সন্ত্ৰাস আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভয়াৱহ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে দেশৰ দৰিদ্ৰ জনতাক ।  চৰকাৰে শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ বাবে ৰাজ্যৰ দৰিদ্ৰ জনতাৰ জীয়াই থকাৰ পথ বন্ধ হোৱাৰ উপক্ৰম হৈছে । এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃহৰিকান্ত দাসৰ । আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত তেওঁ কয় যে, কৰ’ণাৰ সংক্ৰমনৰ সমান্তৰালকৈ  শাক-পাচলিকে ধৰি দৈনন্দিন ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও সৰ্বসাধাৰণ জনতাক সন্ত্ৰাসিত কৰি তুলিছে। মহামাৰী কৰ’ণাৰ  সংক্ৰমনৰ সময়ত নিজকে সুস্থ ৰাখিবৰ বাবে জনতাই ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে । কিন্তু সৰ্ব সাধাৰণ ৰাইজে মোনাখন হাতত লৈ বজাৰলৈ যোৱা দৰিদ্ৰ  জনতাই শাক-পাচলি, ফল-মূল কিনিবৰ বাবে হাজাৰ বাৰ ভাৱিবলৈ বাধ্য হয় । ১ কেজি মাছ কিনিবৰ বাবে এজন ব্যক্তিৰ ১ দিনৰ হাজিৰাৰ প্ৰয়োজন হয় । ১ কেজি ফিচাৰী মাছৰ দাম ৩০০ টকাতকৈ অধিক । আনহাতে কেঁচা খাদ্য সামগ্ৰী  সমূহ বেপাৰী সকলে  যাৰ যিমান মন যায় তেনে দৰতে বজাৰ সমূহত বিক্ৰী কৰি আছে । লিটাৰত ৬০-৭০ টকীয়া মিঠাতেলৰ মূল্য এক লিটাৰত ১৯০ পৰ্যন্ত হৈছেগৈ । ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি চাউল, দাইল, কণী, ফল-মূলৰ যি হাৰত ৰাজ্যখনত মুল্যবৃদ্ধি হৈছে ৰাজ্যখনৰ মধ্যবিত্ত, নিম্নমধ্যবিত্ত, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সৰ্বস্তৰৰ জনতাৰ এটা সময়ত  জীয়াই থকাৰ বাট বন্ধ হৈ পৰিব বুলি তেখেতে খেদ প্ৰকাশ কৰে । ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃ হৰিকান্ত দাসে এই মহামাৰীৰ মহা বিনাশৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ  মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে প্ৰতিখন জিলাতেই সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠন কৰি ২৪ ঘন্টাই নিৰীক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক । তেখেতে দাবী কৰি কয় যে, যিকোনো ত্যাগৰ বিনিময়ত জনসাধাৰণক মূল্যবৃদ্ধিৰ পৰা সকাহ দিব লাগিব মূখ্যমন্ত্ৰী শৰ্মাই ৷   সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰৰ ব্যৱস্থা কৰি  জনসাধাৰণক সজাগ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে  আহ্বান জনাইছে অসম চৰকাৰক ৷ 

Leave A Reply

Your email address will not be published.