Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”

নিউজ ডেস্ক, ১৮ অক্টোবৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে “ফুলগুৰি ধেৱা” বুলি জনাজাত। এই সন্দৰ্ভত “ফুলগুৰি ধেৱা” গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে “অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব’ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক “ধাৱা ” বুলিছিল। (Phulaguri Uprising)

ই অসমীয়া জিভাত ধাৱা গুছি “ধেৱা” হ’ল। সেয়েহে ফুলগুৰিৰ বিদ্ৰোহটো ‘ফুলগুৰি ধেৱা’ নামেৰেহে জনাজাত হৈ পৰিল।” ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ সংগঠিত হোৱা কৃষক সকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোৱৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’ চাওঁতে চাওঁতে আজি ১৬৩ বছৰত ভৰি দিলে ৷
ইতিহাসৰ পাট লুটিয়ালে দেখা যায় অতীতৰেপৰা বৰ্তমানলৈকে বিভিন্ন গণবিদ্ৰোহ, গণ- আন্দোলন আৰু গণ- বিপ্লৱত নগঞা ৰাইজে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ পৰিচয় দি আহিছে ৷ এই ক্ষেত্ৰত কৃষক তথা শ্ৰমজীৱি সাধাৰণ জনতাৰ ভুমিকা উল্লেখ যোগ্য আছিল ৷ শাসকীয় ইংৰাজ চৰকাৰৰ শোষণ- নিৰ্যাতন, নিষ্পেষণৰ বিৰুদ্ধে ১৮ অক্টোবৰ ১৮৬১ চনত এনে এক জংগী কৃষক বিদ্ৰোহ হৈছিল মধ্য অসমৰ নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰি অঞ্চলত ৷ সেই বিদ্ৰোহ “ফুলগুৰি ধেৱা” নামেৰে খ্যাত। ইংৰাজ চৰকাৰৰ কৰ নীতিৰ বিৰুদ্ধে উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে ওলাই আহি সংঘটিত কৰিছিল এই কৃষক বিদ্ৰোহ ৷


১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ৰাজ ভৰাঁল টনকিয়াল কৰাৰ স্বাৰ্থত সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো আয় কৰ প্ৰৱৰ্তন কৰিলে। তদুপৰি কৃষকৰ মূৰত অধিক আৰ্থিক হেঁচা দিয়াৰ বাবে ব্ৰিটিছ চৰকাৰে আদালতৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁৱতো “ষ্টাম্প ডিউটি” প্ৰৱৰ্তন কৰিছিল। কামৰূপ, দৰং আৰু নগাঁও সদৰত আবকাৰী কৰ প্ৰৱৰ্তন কৰে। আবকাৰী কৰৰ পৰা জনজাতীয় এলেকা বাদ দিয়া হৈছিল। ইপিনে বিল, নদী আদিত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল সৃষ্টি কৰি জলকৰ লোৱাৰ ব্যৱস্থা কৰিছিল। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ নিৰ্ধাৰণ কৰিছিল। এনেদৰে ব্ৰিটিছ চৰকাৰে বিভিন্ন কৰ- কাটলৰে কৃষকৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ ফলত সেই সময়ৰ নগাঁৱৰ জিলাধিপতি মি. হাবাৰ্ট স্কন্সৰ ওপৰত ৰাইজৰ ক্ষোভ দুগুণে চৰিছিল। তদুপৰি স্কন্স চাহাবে সহজ সৰল অসমীয়া মানুহৰ ধৰ্মীয় অনুভূতিত আঘাত হানি ফুলগুৰিৰ গড়মুৰ সত্ৰৰ নামঘৰত জোতা মোজা পিন্ধি সোমাই গৈ সিংহাসনত হাত দিয়ে। যাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে অঞ্চলবাসীৰ মনত ক্ষোভ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে।

আনহাতে ১৮৫১-৫২ চনত ব্ৰিটিছ চৰকাৰে আবকাৰী কানি কিনা- বেচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ ক্ষোভিত হয়। বেণুধৰ কলিতাই তেওঁৰ “ফুলগুৰি ধেৱা” নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই।

কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ জকি উঠিছিল।” বিভিন্ন কাৰণত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হোৱা নগঞা সংগ্ৰামী জনতাই ধৰি লৈছিল যে ব্ৰিটিছে মানুহৰ ঘৰ, বাৰী, পাণ- তামোল আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব। ব্ৰিটিছৰ এনে শোষণ নীতিৰ প্ৰতিবাদ জনাবলৈ মণিৰাম দেৱান, ৰহাৰ ৰহিয়াল বৰুৱা, তিৱাৰ সাতো ৰজা- পাচো ৰজা সেনাপতি লক্ষণ সিং আদিয়ে ফুলগুৰি অঞ্চলৰ নেতৃত্বত স্থানীয় ব্যক্তি সকলৰ সহযোগত একত্ৰিত হয়।পৰৰ্ৱৰ্তী সময়ত ১৮৬১ চনৰ ৭ ছেপ্টেম্বৰত নগাঁৱৰ জিলাধিপতিৰ স্কন্স চাহাবৰ কাৰ্যালয়ত প্ৰৱেশ কৰি অতিৰিক্ত কৰৰ বিৰোধিতা কৰে। স্বন্স চাহাবে কৃষকৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকক মাৰ কিল কৰি খেদি পঠাইছিল। পুনৰ সেই চনৰে ৯ অক্টোবৰত ‌প্ৰতিবাদী জনতাই কৰৰ বোজা পৰিশোধ নকৰাৰ সিদ্ধান্ত জিলাধিপতিক অবগত কৰে।

এইবাৰো জিলাধিপতিয়ে কোনো গুৰুত্ব নিদিয়াত ৰাইজে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৫ অক্টোবৰৰ পৰা ৫ দিনীয়াকৈ ৰাইজ মেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ৰাইজ মেল অনুষ্ঠিত কৰাৰ খবৰ জিলাধিপতিৰ কাণত পৰাত নগাঁও সদৰৰ পৰা হৰধৰ ডাৰোগাক ১০ জন বৰ কান্দাজ সৈন্য সহ এটা দল ফুলগুৰিলৈ পঠিয়াই। ফুলগুৰিত সমবেত জন সমুদ্ৰক আতৰাই পঠোৱাত ডাৰোগা বিফল হয়। সেই দিনাই সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তিকান্ত মহৰী ফুলগুৰিত উপস্থিত হয় । ১৭ অক্টোবৰ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ তাত সমবেত হ’বলৈ ধৰিলে। সেইদিনা বিয়লি ২ বজাত প্ৰায় চাৰি হেজাৰ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠি-জোং ইত্যাদি আছিল। ডাৰোগাই এই সমগ্ৰ বিষয় জিলাধিপতিক অবগত কৰিছিল। জিলাধিপতি লেফটেনেন্ট স্কন্স চাহেবে ১৮ অক্টোবৰত ফুলগুৰিলৈ গৈ ৰাইজৰ লগত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ৰাইজে জিলাধিপতিৰ এই আশ্বাসৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে। ১৮ অক্টোবৰৰ দিনা স্কন্স চাহাবৰ সলনি নতুনকৈ অসমলৈ অহা এচিষ্টেন্ট কমিচনাৰ লেফটেণেন্ট চিংগাৰ চাহাব ফুলগুৰিলৈ আহিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪ টা চিপাহী, আদিৰ সৈতে ১১ টা বাৰাকান্দাজ সহ চিংগাৰ চাহাব যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আহত গছৰ তলত আহল-বহল মুকলি ঠাইত তিনিজুমহৈ অতি কমেও প্ৰায় ৩,০০০ মানুহৰ সমাবেশ হোবা দেখা পায়। প্ৰায়বোৰ মানুহৰ মুৰত পাগুৰি আৰু লাঠী-জোংৰে সু-সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠিবোৰ জমাদি ঘটনাস্থলৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তাৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অসমীয়া মানুহৰ ৰীতি-নীতিৰ সৈতে পৰিচয় নথকা চিংগাৰে জোৰকৈ প্ৰজাক নিৰস্ত্ৰ কৰিবলৈ পুলিচক আদেশ দিয়াৰ লগতে নিজেও বিদ্ৰোহীসকলক নিৰস্ত্ৰ কৰিবলৈ তৎপৰ হয়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থুলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে।

এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা-আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। ডাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মানুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (প্ৰকৃততে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাসায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সংক্ৰান্তত পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল ৰাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা আদি।ক্ষোভিত ৰাইজে “চিংগাৰৰ শটো কলংনদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকে যাত্ৰা আৰম্ভ কৰে।

এটা দলে ৰহা থানা দখল কৰি ডাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে। শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহাৰ্য্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়। কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫ টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেন্ট্ৰিৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰ পৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাওঁলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে।

২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেন্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি। ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিত্সাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গক নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সৎকাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰা দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল।

সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল। জিলাধিপতিয়ে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (ব্ৰিটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তাৰোপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটঁহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন-জীপান্তকৰী কৰি কলিয়া-পানীলৈ পঠালে। এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰ জৰ্জ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুং, মহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰ পৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লেখিত পাঁচোৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ ও সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোসাঁই প্ৰমুখ্যে সভ্ৰান্ত লোক সকলক কছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে ৷ বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল।


যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে…। ৰূপচিং- চিৰচিং- বাহু- বনমালী…”। এতিয়া এই গীতবোৰ শুনিবলৈ পোৱা নাযায়। জীৱনৰ প্ৰত্যাহিকতাত মানুহে ফুলগুৰি ধেৱাৰ কথা পাহৰি যোৱাৰ লগে লগে তাৰ স্মৃতিত মুখে মুখে ৰচিত বেদনাদায়ক গীতবোৰো পাহৰণিৰ গৰ্ভত বিলীণ হ’ল। নগাঁও জিলাৰ সংগ্ৰামী ৰাইজ তথা ফুলগুৰিয়া ৰাইজৰ বাবে ১৮ অক্টোবৰ তাৰিখটো এতিয়া ৰৈ গ’ল মাথো স্মৃতি দিৱস হিচাপেহে ৷ ইতিমধ্যে ফুলগুৰিৰ এই বিদ্ৰোহক যাওতি-যুগীয়া কৰি ৰাখিবৰ বাবে ধেৱা স্মৃতি সৌধ, ধেৱা স্মৃতি তোৰণ, ৰাইজমেল ভৱন নিৰ্মাণ কৰা হৈছে। সৰ্বভাৰতীয় প্ৰেক্ষাপটত ফুলগুৰি ধেৱাক জিলিকাই ৰাখিবলৈ এইয়া যথেষ্ট নহয়। ফুলগুৰি ধেৱাক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও এই ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰথম বৃহৎ কৃষক বিদ্ৰোহৰ স্থলি ফুলগুৰিৰ ধেৱা‌ অসমীয়া জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ দলিল আৰু প্ৰেৰণাৰ প্ৰতীক। সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে ফুলগুৰিৰ ধেৱা অসমীয়া জাতিৰ এক ঐতিহাসিক সংগ্ৰাম। এই সংগ্ৰামৰ ইতিহাস নৱ প্ৰজন্মৰ মাজত বিলাই দিয়াটো অতি প্ৰয়োজনীয়। (বিভিন্ন গ্ৰন্থৰ সহায়ত)

লেখক ঃ কনক হাজৰিকা

Related Articles