পিকে’ত পিকাবলৈ কেইখন পাণ খাইছিল আমিৰে?

আমিৰ খান-নামেই যাৰ পৰিচয়। চলচিত্ৰপ্ৰেমীৰ মাজত এইগৰাকী তাৰকা অভিনেতাৰ বিষয়ে নুশুনা মানুহ নাই বুলিয়েই ক’ব পাৰি। শত-সহস্ৰ গুণমুগ্ধ ৰৈ থাকে তেওঁৰ ছবিৰ বাবে। দীৰ্ঘ বিৰতিৰ অন্তত প্ৰিয় অভিনেতাজনৰ পৰা অনুৰাগীয়ে বিচাৰিছে নতুন ছবি। পাছে নতুন ছবি উপহাৰ নিদিলেও অভিনেতাজনে ৰহস্যভেদ কৰিছে আন এক সত্যৰ। আজিৰ পৰা ৭বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ নেপথ্যৰ কাহিনী প্ৰকাশ কৰিছে মুকলিকৈ। উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত ‘পিকে’ চলচ্চিত্ৰখনে ২০১৪ চনত মুক্তিলাভ কৰিছিল। বলীউডত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ খ্যাত আমিৰ খান অভিনীত যিকোনো চলচ্চিত্ৰৰ চৰিত্ৰতে গভীৰভাৱে লীন যায় তেওঁ।

ছবিৰ চৰিত্ৰৰ সৈতে খাপ খুৱাবলৈ যাওঁতে কেতিয়াবা নিৰ্দিষ্ট চৰিত্ৰটোৰ বাবে ওজন হ্ৰাস কৰিছে আৰু কেতিয়াবা ওজন বৃদ্ধি কৰিছে অভিনেতাজনে। অগণিত ছবিৰ লেখীয়া আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ‘পিকে’ত তেওঁক দেখিবলৈ পোৱা গৈছিল এলিয়েনৰ চৰিত্ৰত। জানিবলৈ পোৱা মতে, এই ছবিখনৰ বাবে তেওঁ দৈনিক ১০০ খনতকৈ অধিক পাণ খাইছিল। এই বিষয়ে সোধাত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ আমিৰে কয়, ‘মই পাণ খোৱাত ইমান অভ্যস্ত নহয়। মাজে সময়ে পান খাওঁ। তথাপি এইখন ছবিৰ বাবে মই অধিক পাণ খাবলগীয়া হৈছিল।’ তেওঁ লগতে কয়, ‘ মই ভাবিছিলো যে, প্ৰতিটো দৃশ্যৰ বাবে ৫০-৬০খন পাণ খাবলগীয়া হ’ব পাৰে।

কিন্তু ছবিৰ পৰিচালকে আৰু অধিক খাবলৈ কৈছিল।’ সেইবাবে আমিৰ খানে ১০০খনতকৈও অধিক পাণ খাবলগীয়া হৈছিল। উল্লেখ্য যে, ‘পিকে’ৰ ছেটত এজন পানৱালাও আছিল। প্ৰতিটো দৃশ্যৰ বাবে এখন সতেজ পাণ খাবলগীয়া হৈছিল অভিনেতাজনে। ইয়াৰোপৰি, শ্বুটিং আৰম্ভ কৰাৰ পূৰ্বে, মুখৰ ভিতৰত কিম্বা ওঁঠত সুন্দৰ ৰং পাবলৈ অতিকমেও ১০-১২খন পাণ খাইছিল আমিৰে। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন যুটীয়াভাৱে হিৰাণী আৰু বিধুবিনোদ চোপ্ৰাই প্ৰযোজনা কৰি উলিয়াইছিল। স্মৰ্তব্য যে, ছবিখনত অনুষ্কা শৰ্মা, সুশান্ত সিং ৰাজপুত, সঞ্জয় দত্ত, বোমান ইৰাণী আৰু সৌৰভ শুক্লাৰ দৰে বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। শেহতীয়াকৈ অভিনেতাজনে ব্যক্ত কৰা নেপথ্যৰ গল্পকথাই আমোদ দিছে অনুৰাগীক।

Related Articles