Breaking

পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল, উদ্ধোধনী খেলত জয়ী ঘিলামৰা টাউন হাইস্কুল…

0 28

লক্ষীমপুৰৰ ঘিলামৰা টাউন হাইস্কুলে পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবলৰ উদ্ধোধনী খেলত কামৰূপ গ্ৰাম্য জিলাৰ ডামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ২-০ গ’লত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ মহানগৰীৰ পাশ্বৱৰ্তী টেপেচিয়াস্হিত এল.এন.আই.পি.ই.ৰ ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত আজি ঘিলামৰাৰ হৈ গলৰ পাতনি মেলে প্ৰতিশ্ৰুতিসম্পন্ন লেফট উইংগাৰ টেক বাহাদুৰ চেত্ৰীয়ে (১-০)৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিদ্বন্দিতাপূৰ্ণ আৰম্ভণি খেলখনত বিজয়ী ঘিলামৰাৰ হৈ ৫৬মিনিটত দ্বিতীয় গলটো দিয়ে (২-০) পৰিৱৰ্ত খেলুৱৈ প্ৰান্তিক শইকীয়াই৷

মুঠ ৩৫টা দলে অংশগ্ৰহণ কৰা ল’ৰা ১৫বছৰ অনুৰ্দ্ধ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে এল.এন.আই.পি.ই.ৰ ডীন ড° শংকৰজ্যোতি বসুমতাৰীয়ে৷ অনুষ্ঠানত সন্মানীয় ব্যক্তিৰূপে উপস্থিত থাকে এল.এন.আই.পি.ই.ৰ সহকাৰী পঞ্জীয়ক ড° ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপক ড° সুৰেন্দৰ সিং, জেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈ, চিৰঞ্জীৱ শৰ্মা, অনিৰূদ্ধ যাদৱ, উদয়জিত বুঢ়াগোহাঁই, চন্দন দাস, ফটো সাংবাদিক গুনমনি শৰ্মা, সহকাৰী ক্ৰীড়া সঞ্চালক নৱ বসুমতাৰী, কামৰূপ মেট্ৰ’ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈ আদি৷

Leave A Reply

Your email address will not be published.