Pine Apple: এইসকল ৰোগীয়ে নাখাব মাটিকঁঠাল, অত্যাধিক মাটিকঁঠাল খোৱাৰ আছে অপকাৰিতা

মাটিকঁঠাল, যাক বহুতে আনাৰস বুলিও কয়, বহুতৰে প্ৰিয় ফল মাটিকঁঠাল উৎকৃষ্ট পৰিমাণৰ মিঠা আৰু পুষ্টিকৰ ফল। (Pine Apple)এই ফলটোৱে কেৱল সতেজতা দিয়াই নহয়, মাটিকঁঠালত ভিটামিন চি আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলিও গণ্য কৰা হয়। মাটিকঁঠাল খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ হয় যদিও একাংশ লোকে মাটিকঁঠাল খোৱা উচিত নহয়। কোনসকল লোকে মাটিকঁঠাল খাব নালাগে জানো আহক-

গেষ্ট্ৰাইটিছ(Gastritis)বা এচিডিটিৰ(Acidity)সমস্যা থকা লোকৰ বাবে মাটিকঁঠাল ক্ষতিকাৰক। মাটিকঁঠাল খালে তেওঁলোকৰ সমস্যা হ’ব পাৰে। বিশেষকৈ ৰাতি এই ফল খাব নালাগে।(Pine Apple Side Effects)

ভিটামিন চি গ্ৰহণৰ সৰ্বোচ্চ সীমা দৈনিক প্ৰায় ২০০ মিলিগ্ৰাম। অত্যধিক পৰিমাণৰ ভিটামিন চি সেৱন কৰিলে বৃক্কৰ সমস্যা থকা লোকৰ ক্ষতি হ’ব পাৰে। গতিকে যদি আপুনি আপোনাৰ বৃক্কক ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে মাটিকঁঠাল বেছিকৈ নাখাব।

মাটিকঁঠালত প্ৰাকৃতিক চেনি আৰু কেলৰি বেছি থাকে, যদি ডায়েবেটিছ ৰোগীয়ে মাটিকঁঠাল খাই তেন্তে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব আৰু তেতিয়া আপোনাৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটিব পাৰে। ডায়েবেটিছ ৰোগীয়ে নাৰসৰ সলনি আন ফল-মূল খাব পাৰে।(avoid eating too much pine apple)

Related Articles