Breaking

মাটি কঁঠালঃ বহু লোকৰ মাটি কঁঠাল খোৱাত আছে বাধা! কোন, কোন লোকে মাটি কঁঠাল খাব নালাগে জানি লওক…

0 44

মাটি কঁঠাল এবিধ অতি মিঠা আৰু ৰসাল ফল।মাটি কঁঠালৰ জেলী বা মিঠাইও তৈয়াৰ কৰা হয় যিটো শিশুৱে খাই অতি ভাল পায়। বিয়া, পাৰ্টি বা সাধাৰণ দিনত অতিথিৰ সন্মুখত যেতিয়া মাটি কঁঠালৰ জেলি খাবলৈ দিয়ৈ হয়, তেতিয়া অতিথিসকলেও ভালপায়। মাটি কঁঠালত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যি আমাৰ শৰীৰৰ বাবে উপকাৰী। কিন্তু সকলোৱে এইফল বিধ খাব পাৰেনে, এই বিষয়ে জানি লওক…

১/ এলাৰ্জীত আক্ৰান্ত লোক

বিশেষকৈ যিসকল লোকৰ এই মাটি কঁঠালৰ প্ৰতি এলাৰ্জী আছে তেওঁলোকে মাটি কঁঠাল খাব নালাগে। ইয়াৰ বাহিৰেও মাটি কঁঠাল অতিমাত্ৰা খালে শৰীৰত ৰক্তহীনতা হ’ব পাৰে। ভিটামিন চি ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় আৰু আমাক চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰে, কিন্তু ভিটামিন চিৰ অধিক মাত্ৰাই ডায়েৰিয়াৰ আশংকা কৰিব পাৰে।

২/ ডায়েবেটিছ ৰোগী

মাটি কঁঠালৰ নাম শুনি বহুতৰে মুখৰ পানী ওলায়। ডায়েবেটিছত বহু ফল খোৱাটো ভাল, কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে মাটি কঁঠাল খোৱাটো একেবাৰেই ভাল নহয়।

৩/ দাঁত ক্ষয়ত আক্ৰান্ত লোক

মাটি কঁঠাল অতি মিঠা ফল আৰু ইয়াক উচ্চ এচিডিক প্ৰকৃতিৰ বুলি গণ্য কৰা হয় যিটো আমাৰ দাঁতৰ বাবে ভাল নহয়। যিসকল লোকৰ মুখৰ স্বাস্থ্য ভাল নহয় তেওঁলোকৰ এই ফল যিমান পাৰি কমকৈ খাব লাগে।

Leave A Reply

Your email address will not be published.