Breaking

দৰঙৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পিংকিৰ সকলো ব্যৱস্থা কৰি দিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷

0 618

দৰঙৰ পৰা জয়দেৱ ডেকা

 দৰঙৰ দিঘীৰপাৰ হাইস্কুলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৯৩.১৬  শতাংশ নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন পাৱলৈ সক্ষম হোৱা হিন্দু ঘোপা গাঁওৰ পিংকি বৰুৱাৰ পঢ়াৰ সকলো ব্যৱস্থা কৰি দিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ ফলাফল ঘোষণাৰ পিছত বিধায়ক গৰাকী ছাত্ৰী গৰাকীৰ ঘৰত আহি উপস্থিত হৈ এখনি ফুলাম গামোছাৰে শুভেচ্ছা জনোৱাৰ লগতে ছাত্ৰী গৰাকীৰ অতিকৈ জৰাজীৰ্ণ জুপুৰি ঘৰটি বিধায়কে পৰ্যবেক্ষণ কৰি দুখ প্ৰকাশ কৰে ৷ বিধায়ক গৰাকীয়ে তৎকালে জৰাজীৰ্ণ ঘৰটি মেৰামতি কৰিবলৈ ছাত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে নগদ ধন ৷ চাইকেলৰ অভাৱত খোজকাঢ়ি বিদ্যালয়লৈ অহাযোৱা কৰি শিক্ষা গ্ৰহণ কৰা পিংকিক বিধায়কে আগবঢ়াই চাইকেলৰ বাবদ নগদ ধন ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰা বাবে ছাত্ৰী গৰাকীক এটা ম’বাইল ফোনৰ ব্যৱস্থা কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷ আনহাতে ছাত্ৰী গৰাকীৰ লগতে গাঁওৰ ৰাইজে জৰাজীৰ্ণ পথৰে দীৰ্ঘদিন ধৰি অহাযোৱা কৰি জীয়াতু ভুগি অহাৰ কথা জানিৱ পাৰি  পথটিও তৎকালে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ উল্লেখ্য যে মাত্ৰ ২৫ নম্বৰৰ বাবে শীৰ্ষ দহটা স্থানৰ পৰা বঞ্চিত পিংকি বৰুৱাক বিজ্ঞান শাখাত পঢ়াৰ বাবে নামভৰ্তি মাছুল , মাহিলী মাছুল , সাজ-পাৰ , যাতায়ত , বহী-কিতাপকে আদি কৰি সকলো বিনামুলীয়াকৈ কৰিবলৈ আগবাঢ়ি আহি ২০২০ বৰ্ষত প্ৰতিষ্ঠা কৰা ছিপাঝাৰৰ এক্সচেল একাডেমীয়ে নামভৰ্তি কৰি দিয়ে ছাত্ৰী গৰাকীক ৷ তাৰ পিছতে বহুজনে মেধাৱী ছাত্ৰী গৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহাৰ উপৰিও প্ৰবাসী অসমীয়া যুৱক এজনেও সাংবাদিকৰ মাধ্যমেৰে নগদ পোন্ধৰ হাজাৰ টকা বিধায়কৰ উপস্থিতিত প্ৰদান কৰে ছিপাঝাৰৰ সাংবাদিক ৰঞ্জিত কুমাৰ নাথে ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াকে আদি কৰি সকলো ৰাইজে ছাত্ৰী গৰাকীক সহায় আগবঢ়োৱাৰ বাবে উৎফুল্লিত হৈ পৰিছে পিংকি বৰুৱা ৷ দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী ছাত্ৰী পিংকি বৰুৱাক বিধায়কে তৎকালে সকলো ব্যৱস্থা গ্ৰহণ  কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰসংশা কৰিছে বিধায়ক বিনন্দ কুমাৰ শইকীয়াক ৷

Leave A Reply

Your email address will not be published.