ORSৰ জনক ডাঃ দিলীপ মহলানবিচৰ কলকাতাত মৃত্যু

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত হাজাৰ হাজাৰ গৃহহীন লোকক ভাৰতীয় সীমান্তৰ বিভিন্ন শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত শৰণাৰ্থীসকলৰ বহুতেই কলেৰাত ভুগি আছিল। বিশেষকৈ ডায়েৰিয়া আৰু কলেৰাৰ বাবে ইটোৰ পিছত সিটোকৈ শিশুৰ মৃত্যু হৈছিল। এই সকলো শৰণাৰ্থীক ORS দিয়াৰ পিছত অবিশ্বাস্য ফলাফল পোৱা গৈছিল, যাক দ্য লেন্সেটে “২০ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা উদ্ভাৱন” বুলি অভিহিত কৰিছিল।

সমগ্ৰ বিশ্বৰ বাবে ORS এটা অতি প্ৰয়োজনীয় মিশ্ৰণ। ডায়েৰিয়া বা অন্যান্য যিকোনো পেটৰ অসুখত শৰীৰত পানীৰ মাত্ৰা সঠিক ৰাখিবলৈ ORS ৰ গুৰুত্ব অপৰিসীম। সেয়েহে সমগ্ৰ বিশ্বৰ বাবে এই তৰল পদাৰ্থটো অতি জনপ্ৰিয়। কিন্তু এই বিখ্যাত তৰল পদাৰ্থটিৰ উদ্ভাৱকৰ বিষয়ে অধিকাংশই অপৰিচিত। এই বিশেষ মিশ্ৰণটোৰ জনক হ’ল বিখ্যাত চিকিৎসক ডাঃ দিলীপ মহলানবিচ। এইগৰাকী চিকিৎসক ডাঃ দিলীপ মহালানাবিচে দেওবাৰে (১৬ অক্টোবৰ) কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)ৰ বাতৰি অনুসৰি ৮৭ বছৰীয়া ডাঃ মহলানাবিচ হাওঁফাওঁৰ সংক্ৰমণ আৰু বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কলেৰা আৰু ডায়েৰিয়া দৰে ৰোগসমূহ বহু উন্নয়নশীল ৰাষ্ট্ৰত নৱজাত আৰু শিশুৰ মৃত্যুৰ প্ৰধান কাৰণসমূহৰ ভিতৰত অন্যতম, য’ত ৰোগীৰ শৰীৰত পানীৰ সঠিক মাত্ৰাৰ অভাৱত মৃত্যু হয়। ইয়াক প্ৰতিৰোধৰ বাবে পানী, গ্লুক’জ আৰু নিমখৰ সংমিশ্ৰণ অ’ আৰ এছ হৈছে এক সহজ আৰু খৰচবিহীন পদ্ধতি।

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত হাজাৰ হাজাৰ গৃহহীন লোকক ভাৰতীয় সীমান্তৰ বিভিন্ন শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত শৰণাৰ্থীসকলৰ বহুতেই কলেৰাত ভুগি আছিল। বিশেষকৈ ডায়েৰিয়া আৰু কলেৰাৰ বাবে ইটোৰ পিছত সিটোকৈ শিশুৰ মৃত্যু হৈছিল। এই সকলো শৰণাৰ্থীক ORS দিয়াৰ পিছত অবিশ্বাস্য ফলাফল পোৱা গৈছিল, যাক দ্য লেন্সেটে “২০ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা উদ্ভাৱন” বুলি অভিহিত কৰিছিল। ডাঃ মহলানবিচে আফগানিস্তান, ইজিপ্ত আৰু য়েমেনত বিশ্ব স্বাস্থ্য সংস্থাৰ হৈ কলেৰা নিয়ন্ত্ৰণৰ বাবে কাম কৰিছিল। ১৯৮০ চনৰ সময়ছোৱাত তেওঁ বেক্টেৰিয়াজনিত ৰোগৰ ব্যৱস্থাপনাৰ গৱেষণাৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

২০০২ চনত ডাঃ নাথানিয়েল এফ পিয়ৰ্চৰ সৈতে ডাঃ দিলীপ মহালানাবিছক কলম্বিয়া বিশ্ববিদ্যালয়ে (শিশু চিকিৎসাত নোবেলৰ সমতুল্য বুলি গণ্য কৰা) সন্মানীয় ‘পলিন বঁটা’ প্ৰদান কৰে।

“তেওঁৰ মৃত্যুত এটা যুগৰ অৱসান হ’ল। শিশুৰ ডায়েৰিয়া ৰোগৰ চিকিৎসাৰ বাবে অ’ আৰ’ এছক এতিয়াও মূল চিকিৎসাৰ ভেটি হিচাপে গণ্য কৰা হয়। অ’ আৰ টি ব্যৱহাৰৰ আগতে একমাত্ৰ চিকিৎসা আছিল শিৰাত বেজী দিয়া, যিটো খৰচ-বহনক্ষম বা সহজ নাছিল। ডাঃ মহালানাবিছৰ অবিৰত প্ৰচেষ্টাৰ বাবে অ’ আৰ টিক ঘৰুৱা নাম কৰি তোলা হৈছিল।’-বুলি মন্তব্য কৰে পুনেৰ ডাঃ ডি ৱাই পাটিল মেডিকেল কলেজৰ শিশু চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ সম্পাদা তাম্বলকাৰে।

Related Articles