জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত মন্ত্ৰী পীয়ূষ হাজৰিকা…

আজি জনতা ভৱনত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা।

মৰাণ স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু অন্যান্য আনুষংগিক বিষয় সন্দর্ভত বৈঠকত আলোচনা কৰা হয়। সীমা নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসহ প্ৰশাসনৰ সহায়ত খচৰা প্ৰস্তুত কৰি জুলাই মাহৰ ১০ তাৰিখে দাখিল কৰিবলৈ প্ৰতিনিধিবৰ্গক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে আৰু চৰকাৰী নিয়ম অনুসৰি পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

আজিৰ বৈঠকত সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ক্ৰমে মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ, উপাধ্যক্ষ, প্ৰধান সচিব, অসম মৰাণ সভাৰ সভাপতি-সাধাৰণ সম্পাদক, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি-সম্পাদকসহ বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Related Articles