Plane Crash: ৱাশ্বিংটনত বিমান দুৰ্ঘটনা, বিমানখনত আছিল ৬৪গৰাকী যাত্ৰী; মৃত্যু হয় ১৮গৰাকীৰ


ৱাশ্বিংটন বিমানবন্দৰৰ সমীপত এয়াৰ লাইনছৰ এখন বিমান আৰু হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ । সংঘৰ্ষৰ ফলত জ্বলি উঠে বিমানখন। (Plane Crash) উক্ত ঘটনাত ১৮ গৰাকীৰ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বিমানখনত আছিল ৬৪গৰাকী যাত্ৰী। ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ ৰেগান ৱাশ্বিংটন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আমেৰিকান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান আকাশৰ মাজতে এখন সামৰিক ব্লেক হক চপাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই সংঘৰ্ষৰ ফলত বিমানখন প’ট’মেক নদীত খুন্দা মৰাৰ ফলত ১৮গৰাকীৰ যাত্ৰীৰ মৃত্যু হয়। বিমান খনত আছিল ৬৪ জন লোক আছিল। তেওঁলোকক উদ্ধাৰৰ বাবে উপস্থিত হৈছে উদ্ধাৰকাৰী দল।(Washington)

আমেৰিকান এয়াৰলাইন্সে এই দুৰ্ঘটনা নিশ্চিত কৰিছে। আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, বুধবাৰে গভীৰ নিশা কেনছাছৰ উইচিটাৰ পৰা আমেৰিকান এয়াৰলাইন্সৰ ৫৩৪২ বিমানখনে উৰা মাৰিছিল। সেই বিমানখনৰ সৰ্বোচ্চ যাত্ৰী ক্ষমতা ৬৫ জন। আমেৰিকাৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে দুৰ্ঘটনাৰ সময়ত বিমানখনত ৬৪ জন লোক আছিল। তেওঁলোকক উদ্ধাৰৰ বাবে প’ট’মেক নদীত একাধিক উদ্ধাৰকাৰী দলে অনুসন্ধান আৰম্ভ কৰিছে। জৰুৰীকালীন অৱস্থাৰ বাবে ৱাশ্বিংটন বিমানবন্দৰৰ সকলো বিমান আৰু অৱতৰণ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। লগতে উদ্ধাৰকাৰী দলসমূহক তৎকালীন পদক্ষেপৰ বাবে প্ৰশংসা কৰে। ট্ৰাম্পে কয় যে তেওঁৰ প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। নিৰুদ্দেশ হোৱা যাত্ৰী আৰু জোৱানৰ কোনো খবৰ পোৱা যাব।

Related Articles