Breaking

শ্ৰীৰামকৃষ্ণ সেৱা সমিতিৰ উদ্যোগত জামুগুৰি-কুৰুৱাবাহী ৰাজ্যিক পথৰ কাষত গছপুলি ৰোপন

0 2,040

শ্ৰীৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতি হয়বৰগাঁও নগাঁৱৰ উদ্যোগত আজি জামুগুৰিৰ পৰা কুৰুৱাবাহীলৈ যোৱা ৰাজ্যিক পথচোবাৰ দুয়োকাষে পথচাৰী সকলৰ সুবিধা হব পৰাকৈ প্ৰায় শতাধিক গছপুলি ৰোপন কৰে ৷ গছপুলি ৰোপনৰ এই কাৰ্যসূচীটি শুভ উদ্বোধন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ গোস্বামীয়ে ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথ,গম্ভীৰ নাথ,ধেনুৰাম নাথ,পুনাৰাম নাথ,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথ আদি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.